নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আদালতৰ ঐতিহাসিক ৰায়

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ আজি ধুবুৰীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰি দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে ধুবুৰীৰ ১৩নং ৱাৰ্ডৰ আইজি ৰোডৰ বাসিন্দা তথা গোলজাৰ উদ্দিন আহমেদ ওৰফে ৰাজু আৰু গফুৰ উদ্দিন ওৰফে ৰাকেশ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক বিৰূদ্ধে ২০২২ বৰ্ষত ধুবুৰী সদৰ থানাত ৩৬৩/২২ নম্বৰত এনডিপিএচ এক্টৰ ২২চি ধাৰাত এটা গোচৰ ৰুজু হৈছিল। সেই গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ পিছত দোষী সাব্যস্ত কৰি ধুবুৰীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দুয়োকে দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে গোলজাৰ আৰু গফুৰ হ’ল সম্পৰ্কত ভায়েক-ককায়েক।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like