নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি উলংঘাৰ পাছতো তদন্তৰ আওতালৈ অহা নাই পংকজ সাধনিদাৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: সুদীর্ঘ ১৫টা দিন অতিক্রম কৰিলে জি এছ ৰোডৰ হিট এণ্ড ৰান কাণ্ডই৷ ১ অক্টোবৰৰ নিশা পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত বার্থডে’ পার্টী উপভোগ কৰি উভতি অহা ৰাজকন্যা বৰুৱাই মাজনিশা ৰাজপথত ৮ শ্রমিকসহ ৯জনকৈ লোকক গুৰুতৰভাৱে আহত কৰি সম্প্রতি আৰক্ষীৰ জিম্মাত৷ এই ঘটনাত জড়িত হৈ পৰা জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাও ইতিমধ্যে গ্রেপ্তাৰ হৈ জামিন লাভ কৰিলে৷ কিন্তু ক’ভিড বিধি উলংঘা কৰি দুপৰ নিশালৈ পার্টীৰ আয়োজন কৰা মূল নায়ক পংকজ সাধনিদাৰ এতিয়াও অহা নাই তদন্তৰ আওতালৈ৷ নিজৰ কন্যাৰ জন্মদিনৰ বাবে বিশাল পার্টীৰ আয়োজন কৰা পংকজ সাধনিদাৰে পদে পদে ভংগ কৰিছিল ক’ভিডৰ এছ অ’ পি৷ কিন্তু ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰান গোচৰৰ ১৫ দিন অতিক্রম কৰি যোৱাৰ পাছতো তদন্তৰ আওতাত সোমাই পৰা নাই এইজন প্রভাৱশালী ঠিকাদাৰ৷

স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে কোন এই পংকজ সাধনিদাৰ? কাৰ ক্ষমতাৰ জোৰত গুৱাহাটীত ক’ভিড কালত দুপৰ নিশালৈ পার্টীৰ আয়োজন কৰি সৃষ্টি কৰা ভয়ানক কাণ্ডৰ পাছতো তদন্তৰ পৰা আঁতৰি আছে?

উল্লেখ্য যে সাধাৰণ ৰাইজৰ দৃষ্টিৰ পৰা আঁতৰি থকা এইজন পংকজ সাধনিদাৰ শেহতীয়াকৈ প্রভাৱশালী হোৱাই নহয়, ঐশ্বর্যশালীও হৈ পৰিছে৷ দুবছৰ পূর্বে সাধাৰণ দালালিৰে জীৱিকা নির্বাহ কৰা পংকজ সাধনিদাৰে ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে নিজৰ অর্থনৈতিক অৱস্থাৰো ব্যাপক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ হেণ্ড ছেনিটাইজাৰৰ ব্যৱসায়েৰে স্বাস্থ্য বিভাগৰ ওচৰ চপা এইজন ঠিকাদাৰে শেহতীয়াকৈ কোটিপতি হোৱাই নহয়, কম সময়ৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ক্রয় কৰিবলৈ সক্ষম হৈছে ৪০ কোটি টকাৰ ভূমি৷ দুখনকৈ মার্চিডিজ গাড়ীৰ লগতে কেইবাখনো বিলাসী গাড়ীৰ অধিকাৰী এইজন ঠিকাদাৰে ক’ভিড পৰিস্থিতিৰ সময়ত ভ্রাম্যমাণ চিকিৎসালয় নির্মাণৰ লগতে ক’ভিড চিকিৎসালয়ত বিভিন্ন সামগ্রী যোগানেৰে নিশাৰ ভিতৰতে হৈ পৰিছিল কোটিপতি৷

মন কৰিবলগীয়া যে ১ অক্টোবৰৰ নিশা পার্টীৰ আয়োজক পংকজ সাধনিদাৰৰ কন্যাৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্য প্রশাসনৰ কেইবাজনো শীর্ষ বিষয়াৰ লগতে ৰাষ্ট্রীয় স্বাস্থ্য মিছন (এন এইচ এম)ৰ কেইবাজনো শীর্ষ বিষয়া৷ ১ অক্টোবৰৰ নিশা হোটেল তাজ ভিভাণ্টাত যি পার্টীৰ আয়োজন কৰিছিল, সেই পার্টী নিশা ১২ বজাৰ পাছতো চলি আছিল৷ অথচ চৰকাৰে বলৱৎ কৰা ক’ভিড বিধি অনুসৰি নিশা ৯ বজাৰ পাছতেই হোটেলৰ এনেধৰণৰ পার্টী বন্ধ কৰিব লাগে৷ আনহাতে ২ অক্টোবৰ আছিল ড্রাইডে’৷ এনে অৱস্থাত হোটেল তাজ কর্তৃপক্ষই ক’ভিড এছ অ’ পি উলংঘা কৰাই নহয়, ২ অক্টোবৰৰ ড্রাইডে’ৰ নিয়মো ভংগ কৰি চলাইছিল সুৰাৰ পার্টী৷

প্রশ্ন উত্থাপন হৈছে কাৰ নির্দেশত পংকজ সাধনিদাৰক হোটেল তাজ ভিভাণ্টাত নিশা দুই বজালৈ পার্টী চলাই যাবলৈ অনুমতি প্রদান কৰা হৈছিল? কাৰ অনুমতিত হোটেল কর্তৃপক্ষই পংকজ সাধনিদাৰৰ পার্টীলৈ অহা অভ্যাগতসকলক সুৰাৰ যোগান ধৰিছিল? যোৱা ১৫ দিনত ৰাজকন্যা বৰুৱাৰ দুর্ঘটনাৰ গোচৰত বহু লোকক ইতিমধ্যে জেৰা কৰা হ’ল, গোচৰ পঞ্জীয়ন কৰা হ’ল৷ কিন্তু প্রভাৱশালী ঠিকাদাৰ পংকজ সাধনিদাৰক এবাৰো তদন্তৰ আওতালৈ অনা নহ’ল৷ দিছপুৰ আৰক্ষীৰ সূত্র অনুসৰি বুধবাৰে পংকজ সাধনিদাৰক থানালৈ অহাৰ বাবে জাননী দিয়া হৈছিল যদিও উক্ত নির্দেশক এইজন ঠিকাদাৰে তিলমাত্রও গুৰুত্ব নিদিলে৷

জানিব পৰা মতে, শিৱসাগৰৰ পৰা আহি গুৱাহাটীত চিকিৎসা পাঠ্যক্রমত নামভর্তি কৰি দিয়াৰ নামত দালালি কৰা পংকজ সাধনিদাৰে এনেদৰে প্রভাৱশালী হোৱাৰ আঁৰৰ ব্যক্তিজন হ’ল তেওঁৰ শহুৰেক৷ অৰুণাচল প্রদেশৰ এগৰাকী মন্ত্রীৰ কন্যা হ’ল পংকজ সাধনিদাৰৰ পত্নী৷

মুখ্যতঃ এই সুবাদতে দিছপুৰৰ আশিসধন্য হৈ পৰা পংকজ সাধনিদাৰে ক’ভিড পৰিস্থিতিৰ সময়ত চিকিৎসাৰ আন্তঃগাঁথনি নির্মাণৰ সকলো ঠিকা লাভ কৰিছিল৷ তাৰ পৰাই দোপতদোপে উন্নতি কৰা পংকজ সাধনিদাৰৰ ৰাজ্য প্রশাসনৰ বহু শীর্ষ বিষয়াৰ সৈতে উঠা–বহা৷ ১ অক্টোবৰৰ নিশা ঠিকাদাৰজনৰ কন্যাৰ বার্থডে’ পার্টীত সেয়েহে উপস্থিত আছিল কেইবাজনো প্রশাসনিক শীর্ষ বিষয়া আৰু এন এইচ এমৰ জ্যেষ্ঠ বিষয়াসকল৷ যাৰ বাবে এতিয়াও পংকজ সাধনিদাৰক তদন্তৰ আওতালৈ আনিবলৈ সক্ষম হোৱা নাই দিছপুৰ আৰক্ষীয়ে৷ হিট এণ্ড ৰান গোচৰটো আছিল মাতাল হৈ গাড়ী চলাই পথত কাম কৰি থকা ৮জনকৈ শ্রমিকসহ ৯জন লোকক গুৰুতৰভাৱে আহত কৰা৷ কিন্তু ইয়াৰ বাবে গোচৰটোত সাঙোৰ খাই পৰিল চিকিৎসক নভনীল বৰুৱা৷ অনৈতিকভাৱে মূল অভিযুক্ত ৰাজকন্যা বৰুৱাক চিকিৎসাধীন কৰোৱা বুলি তিনি দিন ধৰি চিকিৎসকগৰাকীক জেৰা কৰোৱা হ’ল৷ কিন্তু দুপৰ নিশালৈ ক’ভিড বিধি উলংঘা কৰি পার্টীৰ আয়োজন কৰা তথা ড্রাইডে’তো সুৰাৰ যোগান ধৰা হোটেল তাজ ভিভাণ্টা আৰু ঠিকাদাৰ পংকজ সাধনিদাৰক এতিয়াও জেৰাৰ আওতালৈ আনিবলৈ সক্ষম হোৱা নাই দিছপুৰ আৰক্ষীয়ে৷ শেহতীয়া আন এক তথ্য অনুসৰি দিছপুৰ আৰক্ষীৰ জাননী লাভৰ পাছতে হঠাৎ অন্তর্ধান হৈ পৰিছে পংকজ সাধনিদাৰ৷ আৰক্ষীৰ এক সূত্রই প্রকাশ কৰা অনুসৰি সম্প্রতি পলাতক এইজন ঠিকাদাৰ৷

You might also like