পৰম্পৰাগত হোলীগীত ঘোষা-কীর্তনেৰে মুখৰ সত্রনগৰী
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সত্রনগৰী বৰপেটাত কালিৰে পৰা আৰম্ভ হৈছে শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ৷ মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্রত শ্রীকৃষ্ণৰ দৌল মহোৎসৱ এইবাৰ তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব৷ ধর্মীয় আৰু লৌকিক পৰম্পৰাৰ বিবিধ কার্যসূচীৰে অতি আকর্ষণীয় আৰু জাকজমকতাৰে উদযাপন কৰা হ’ব শ্রীকৃষ্ণৰ দৌল মহোৎসৱ৷
কালি সন্ধিয়া ‘বহ্ণোৎসৱ’ বা ‘গন্ধযাত্রা’ৰে দৌল উৎসৱ আৰম্ভ হয়৷ পৰম্পৰাগত কার্যসূচী অনুসৰি কালি বিয়লি মহাপ্রভু ‘শ্রীশ্রীদৌল গোবিন্দ’ আৰু ‘কলীয়া ঠাকুৰ’ক গায়ন–বায়ন, বৰঢুলীয়া সমন্বিতে মণিকূট গৃহৰ পৰা উলিয়াই আনি মঠৰ চোতালৰ বৰ শৰাইত ৰাখে৷ ইয়াৰ পাছতে সন্ধিয়া পৰত নির্দিষ্ট ক্ষণত মঠৰ চোতালৰ পৰা গোসাঁইদ্বয়ক গায়ন–বায়ন বৰঢুলীয়া সমন্বিতে ভক্তসকলৰ দ্বাৰা টুপৰ চোতালত থকা মেজিৰ কাষলৈ লৈ যোৱা হয়৷
মেজিৰ জুইৰ চাৰিওফালে গোসাঁইদ্বয়ক সাত পাক ঘূৰোৱা হয়৷ মেজিৰ জুইৰ চাৰিওফালে সাত পাক ঘূৰোৱাৰ অন্তত গোসাঁইদ্বয়ক যোগমোহন গৃহৰ শৰাইৰ ওপৰত ৰাখি নক্ষত্র গণনা অনুসৰি শুভক্ষণত গোসাঁইদ্বয়ক দৌল গৃহত আৰোহণ কৰোৱা হয়৷ আজি উদযাপন কৰা হয় ‘ভৰদৌল’৷ পৰম্পৰাগত ৰীতি–নীতি অনুসৰি আজি পুৱাৰ ভাগত যোগমোহন গৃহত আইসকল আৰু বাপুসকলৰ প্রসংগৰ পাছত বংশৰা অথবা হাটী গোটৰ গায়ন–বায়নসকলৰ্ দ্বাৰা গুৰুঘাট বজাই পুৱাৰ গীত, দৌলৰ গীত আদি পৰিনেশন কৰা হয়৷
তাৰ পাছত ‘ভোজন বিহাৰ’, ঝুমুৰাৰ গীত আদি পৰিৱেশন কৰা হয়৷ আবেলিৰ ভাগত পৰিৱেশন কৰা হ’ব ঘোষা কীর্তন আৰু ব্যাস কীর্তন৷ ভৰদৌলৰ নিশা নির্দিষ্ট ক্ষণত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক দৌল গৃহৰ পৰা নমোৱা হয়৷ দৌল গৃহত থকা সময়ত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক পুৰুষ–মহিলা নির্বিশেষে সকলোৱে দর্শন কৰি সেৱা জনায়।
ভৰদৌলৰ পিছদিনাখন অর্থাৎ ২৯ মার্চৰ দিনটো ‘সুৱেৰী’ অর্থাৎ ফাকুৱা হিচাপে উদযাপন কৰা হ’ব৷ সুৱেৰীৰ দিনা আবেলি মহাপ্রভু দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক পুনৰ মঠৰ চোতাললৈ উলিয়াই আনি বিয়লি গায়ন–বায়ন, ঢুলীয়া, হোলী গীতৰ দলসহ গোসাঁইক দোলাসনত তুলি শত–সহস্র ভক্তৰ অংশগ্রহণেৰে সমদল কৰি গণককুছিৰ কলবাৰী সত্রলৈ নিয়া হ’ব৷
কলবাৰী সত্রত গোসাঁইৰ দোলা পৱিত্র ভূমিত ৰাখি ‘হেকতা খোৱা’ পর্ব সমাপন কৰা হ’ব৷ হেকতা খোৱাৰ পাছত গোসাঁইক পুনৰ বৰপেটা সত্রলৈ ওভতাই অনা হ’ব৷ গোসাঁই আহি বৰপেটা সত্রৰ মুখ্য প্রৱেশদ্বাৰত উপস্থিত হোৱাৰ লগে লগে টুপৰ চোতালত অনুষ্ঠিত হ’ব ‘বাঁহ ভঙা’ অনুষ্ঠান৷ বৰপেটীয়া যুৱকৰ বাহুবল প্রদর্শিত বাঁহ ভঙা অনুষ্ঠানত পূর্ব পৰম্পৰা অনুসৰি দক্ষিণ হাটী, ন হাটী আৰু উত্তৰ হাটীৰ বাপুসকলে অংশগ্রহণ কৰিব৷
বাঁহ ভঙাৰ অন্তত গোসাঁইক সত্রত প্রৱেশ কৰোৱাই কীর্তন ঘৰৰ চাৰিওফালে সাত পাক প্রদক্ষিণ কৰোৱা হ’ব৷ গোসাঁইৰ প্রদক্ষিণৰ কালছোৱাত মঠৰ চোতালত অনুষ্ঠিত হ’ব ‘বোলবোলনি’ শীর্ষক এক অর্ধনাটকীয় অনুষ্ঠান৷ তাৰ পাছত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক মণিকূট গৃহত প্রৱেশ কৰোৱাৰ লগে লগে শ্রীকৃষ্ণৰ দৌল মহোৎসৱৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব৷ ইপিনে দৌল মহোৎসৱৰ তিনিও দিনাই সত্রৰ ৰংগমঞ্চত সত্রীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷