কথাশিল্পী হোমেন বৰগোহাঞিলৈ ‘ৰণাংগন সন্মান’
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ অগ্রণী প্রকাশন গোষ্ঠী ৰণাংগন প্রকাশনে প্রতিবছৰে অসমৰ সাহিত্য–সংস্কৃতি, সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক ‘ৰণাংগন সন্মান’ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রকাশন গোষ্ঠীটোৱে গঠন কৰি দিয়া বিশেষ নির্বাচক মণ্ডলীয়ে প্রথমবাৰ ‘ৰণাংগন সন্মান’ৰ বাবে বাছনি কৰিছে প্রথিতযশা সাহিত্যিক তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিক৷ ‘পিতা–পুত্র’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘কুশীলব’, ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘অস্তৰাগ’, ‘সুবালা’, ‘হৈমন্তী’ (কাব্যগ্রন্থ), ‘আত্মানুসন্ধান’, ‘মৎস্যগন্ধা’, ‘ধুমুহা আৰু ৰামধেনু’, ‘মোৰ হূদয় এখন যুদ্ধক্ষেত্র’ (আত্মজীৱনী) আদি বহু গ্রন্থৰ প্রণেতা কথাশিল্পী বৰগোহাঞিক অহা ৩ ফেব্রুৱাৰীত গুৱাহাটীত এই বঁটা প্রদান কৰা হ’ব৷ ৰণাংগন সন্মানত আছে এটি স্মাৰক, এখন প্রশস্তি পত্র, শৰাই, অংগবস্ত্র আৰু ১০ হাজাৰ টকাৰ ধনৰ টোপোলা৷ৰণাংগন সন্মান যোৱা বর্ষৰ ১৯ এপ্রিলতে প্রদান কৰাৰ কথা আছিল যদিও ক’ভিডসৃষ্ট অভাৱনীয় পৰিস্থিতি আৰু দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে বঁটা প্রদান কার্যসূচী স্থগিত ৰাখিব লগা হৈছিল৷