নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মস্থানত জটিলতা বাঢ়িব, উৎকণ্ঠা বাঢ়িব৷ প্রেমত শুভ৷ মনৰ দৃঢ়তা বাঢ়িব৷ নীলা ৰং শুভ, শুভ সংখ্যা ৪৷
বৃষ: দুষ্ট লোকৰ পৰা আঁতৰত থাকক৷ ধনৰ আগমনৰ যোগ৷ দুশ্চিন্তা কমিব৷ শৰীৰৰ প্রতি যত্ন লওক৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৮৷
মিথুন: নতুন যোগাযোগে আনন্দ দিব৷ বাহন ক্রয় কৰিব পাৰিব৷ কোনো নতুন কর্মসংস্থাপনৰ যোগ আছে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
কর্কট: নিজৰ কৃতিত্ব অটুট থাকিব৷ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব৷ কর্মক্ষেত্রত মধ্যম৷ ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি আনন্দিত হ’ব৷ গেৰুৱা শুভ ৰং, শুভ সংখ্যা ৪৷
সিংহ: অবাবত ধন অপচয় হ’ব পাৰে৷ মনৰ সাহস বাঢ়িব৷ আনৰ প্রতি দায়বদ্ধতা বাঢ়িব৷ কর্মক্ষেত্রত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷
কন্যা: কর্মত ভৱিষ্যতৰ আশা দেখিবলৈ পোৱা যায়৷ দাম্পত্যত মধ্যম৷ মূল্যৱান সম্পদ লাভ কৰিব পাৰে৷
তুলা: দক্ষতা বৃদ্ধি পাব৷ পুৰণি সমস্যা সমাধান হ’ব৷ বিদ্যাত শুভ৷ ভ্রমণত শুভ৷ নীলা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৫৷
বৃশ্চিক: কর্মস্থানত মধ্যম৷ আনৰ ওপৰত নির্ভৰ নকৰিব৷ দাম্পত্যবিৰোধী হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷
ধনু: মাংগলিক অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰিব৷ বন্ধুবর্গৰ সংগই ক্ষতি কৰিব পাৰে৷ বগা ৰং শুভ৷ শুভ সংখ্যা ৯৷
মকৰ: সাৱধানে চলক৷ নতুন যোগাযোগে উৎসাহিত কৰিব৷ ফুৰা–চকা কৰোঁতে অলপ সাৱধান হওক৷ যান–বাহনৰ পৰা আঁতৰত থাকক৷ শুভ সংখ্যা হালধীয়া৷ শুভ সংখ্যা ৩৷
কুম্ভ: বিদ্যাত মধ্যম৷ দূৰ যোগাযোগ বাধাপ্রাপ্ত হ’ব পাৰে৷ বিয়াৰ সংযোগ৷ মেৰুন শুভ ৰং৷ শুভ সংখ্যা ৭৷
মীন: শাৰীৰিক আৰু মানসিক অশান্তি বাঢ়িব৷ কর্মক্ষেত্রত কিছু বাধা আছে৷ প্রেম আৰু দাম্পত্যত শুভ৷ সেউজীয়া শুভ ৰং, শুভ সংখ্যা ২৷

You might also like