আজিৰ দিনটোৰ ৰাশিফল
মেষ: যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
বৃষ: কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷ দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা৷ প্রেমত বাধা আঁতৰিব৷ শুভ ৰং বগা, সংখ্যা ৮৷
মিথুন: কর্মক্ষেত্রত সহকর্মীৰ মতামতক প্রাধান্য নিদিব৷ আর্থিক লেনদেনত গুৰুজনৰ পৰামর্শ লোৱা বাঞ্ছনীয়৷ অভিনেতা–ভিনেত্রীসক কার্যদক্ষতা হ্রাস পাব৷ শুভ ৰং নীলা, সংখ্যা ৩৷
কর্কট: নিবনুৱা ব্যক্তিসকলৰ কর্মপ্রাপ্তিৰ যোগ৷ ভাবি থকা কামত বাধাৰ কাৰকতা৷ পতি–পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা৷ স্নেহভাব স্বাভাৱিক৷ শুভ ৰং গেৰুৱা, সংখ্যা ৭৷
সিংহ: অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান–সন্মান বৃদ্ধি৷ কর্ম আৰু ধর্মত সমভাৱে আসক্ত হ’ব পাৰে৷ দাম্পত্যত সম্পর্ক শুভ৷ ধনাভাৱ যথাযথ৷ শুভ ৰং ৰঙা সংখ্যা ১৷
কন্যা: কর্মত অগ্রিম পদোন্নতি৷ মনোবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা৷ পুত্র বা কন্যাৰ পৰা ক্ষয়–ক্ষতিৰ আশংকা৷ দিনটো সাৱধানে চলা–ফুৰা কৰিব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৮৷
তুলা: প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব৷ কিন্তু সামগ্রিকভাৱে সমগ্র দিনটো অনুকূল প্রভাৱ থাকিব৷ বুদ্ধিৰো উন্নত ফল৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷
বৃশ্চিক: শৰীৰ ভালেই যাব৷ পাৰিবাৰিক ক্ষেত্রত সু–সংবাদ লাভৰ কাৰক৷ কোন বিষয়তে ভাবপ্রৱণতা বা ৰুক্ষতা বর্জন কৰাই উচিত৷ ভ্রমণত মধ্যম৷ শুভ ৰং আকাশী নীলা৷ সংখ্যা ৫৷
ধনু: উন্নত সংযোগ৷ ভ্রমণত সাধাৰণ ব্যাঘাত৷ আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশহে পূৰণৰ আশা৷ দিনৰ দহ বজাৰ পৰা এঘণ্টা সময় কার্যকৰী৷ শুভ ৰং ক’লা, সংখ্যা ১৷
মকৰ: পাৰিপার্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে৷ নিজৰ অজানিতে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৪৷
কুম্ভ: মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব৷ ব্যৱসায়ত চিন্তাৰ কাৰণ নাই৷ কর্মস্থান শুভ বুলি ক’ব পাৰি৷ অর্থ ভাগ্যৰ সুযোগ৷ দাম্পত্য জীৱন মধুৰ হ’ব৷ শুভ ৰং গেৰুৱা, সংখ্যা ৬৷
মীন: অবাস্তৱ কথাৰ মাজত কষ্ট পাব৷ যোগাযোগত সুফল কম পাব৷ শৰীৰ সম্পর্কে উদাস৷ খৰচ–পাতি বর্জন কৰক৷ উপর্যুপৰি দায়িত্বৰ কাৰক৷ প্রেমত শুভ সংযোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷