আজিৰ দিনটোৰ ৰাশিফল
মেষ ঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
বৃষ ঃ বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব৷ বিয়া–বাৰু বা উৎসৱ আদিত যোগদান কৰক৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মিথুন ঃ মধ্যম দিন হ’লেও কর্মস্থানত ভালেই দেখিব৷ আর্থিকতো বেয়া নহ’ব৷ বিদ্যাত শুভ ফল৷ শৰীৰ মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
কর্কট ঃ সহযোগীৰ সহায়ত উৎসাহ পাব৷ প্রতাৰকৰ বাবে দুশ্চিন্তা থাকিব৷ কর্মস্থানত আয় বৃদ্ধিৰ যোগ৷ প্রেমত নিৰাশা৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৭৷
সিংহ ঃ আচৰিত কথাৰ সম্ভেদ পাব৷ আর্থিকতো কিছু কষ্ট৷ শৰীৰ সম্পর্কে উদাস নহ’ব৷ বিদ্যাত বেয়া বোলা নাযায়৷ ঘৰুৱা শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কন্যা ঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ কর্মক্ষেত্রত সহকর্মীৰ পৰা অলপ সতর্ক থকাটো উচিত হ’ব৷ দাম্পত্য জীৱন পূর্বানুৰূপ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷
তুলা ঃ শৰীৰ পূর্বৰ তুলনাত আশাপ্রদ৷ আপুনি ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব৷ উচ্চ বিদ্যাত সাফল্য লাভ৷ আর্থিকত আয় বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷
বৃশ্চিক ঃ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব৷ কর্মস্থানত উন্নত আশা নকৰাই ভাল৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
ধনু ঃ দিনটোত পাৰিপার্শ্বিক বাধা–বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব৷ শৰীৰৰ প্রতি আওকাণ নকৰিব৷ কর্মত খ্যাতি বৃদ্ধিৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
মকৰ ঃ কর্মত মজলীয়া প্রভাৱ পৰিব৷ নিজৰ মান–সন্মানৰ ক্ষেত্রত সচেতন হ’ব৷ পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ১১৷
কুম্ভ ঃ নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক৷ কর্মত দক্ষতা থাকিব৷ ব্যৱসায়–বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়৷ পঢ়া–শুনাত শুভ৷ পিতৃ–মাতৃৰ চিন্তা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷
মীন ঃ যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ৷ আর্থিকত ব্যয় বৃদ্ধি৷ কোনো দূৰ বার্তাত আনন্দ লাভ৷ কোনো কাৰণত মন চঞ্চল৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১১৷