নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁটৰ প্রার্থীক জয়ী কৰোৱাৰ টিপ্ছ দিলে সভাপতি আজমলে

নির্বাচনী ৰণনীতি যুগুতাবলৈ গুৱাহাটীত সমৱেত এআইইউডিএফৰ বিধায়ক

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নির্বাচনৰ ৰণকৌশল সন্দর্ভত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে আজি দলৰ কেন্দ্রীয় সমিতিৰ উপৰি যুৱ মর্চা, মহিলা মর্চা, ছাত্র মর্চাৰ লগতে জিলা কমিটীসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়৷ গুৱাহাটীৰ মনীষা বিবাহ ভৱনত আয়োজিত বৈঠকখনত আজমলে আসন্ন বিধানসভা নির্বাচনত বিজেপি দলক প্রতিহত কৰাৰ বাবে কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাই মহাজোঁট গঠনৰ বিষয়ে অৱগত কৰে৷ এই মহাজোঁটৰ বাবে হ’বলগীয়া আসন বুজাপৰাৰ সময়ত দলে বর্তমান দখলত থকা আৰু আশা কৰি থকা কিছু সমষ্টি এৰিবলগীয়া হ’ব পাৰে বুলি জানিবলৈ দি ৰাজ্যখনৰ স্বার্থত এই বিষয়ত আটাইকে মানসিকভাৱে প্রস্তুত হোৱাৰ আহ্বান জনায়৷ তদুপৰি দলীয় প্রার্থীৰ লগতে মহাজোঁটৰ প্রার্থীৰ হৈ এ আই ইউ ডি এফ দলে কেনেদৰে বিজয় সাব্যস্তৰ বাবে নির্বাচনী প্রচাৰ চলাব আৰু নির্বাচনী প্রচাৰত কোনবোৰ ইছ্যুক কেনেদৰে ৰাইজৰ মাজলৈ লৈ যাব, সেই বিষয়ে বুজাই দিয়ে আৰু তেনেদৰে শৃংখলিত, প্রণালীবদ্ধভাৱে দলৰ প্রতিগৰাকী নেতা–কর্মীক নির্বাচনী প্রচাৰ চলোৱাৰ নির্দেশ দিয়ে৷

ইপিনে, বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে এইবাৰ নির্বাচনত তেওঁলোকে শিক্ষিত লোকক প্রার্থিত্ব প্রদানত গুৰুত্ব দিব৷ ৯০ শতাংশৰ ওপৰত ভাল মানুহ এইবাৰ জিকাই আনিব৷ সেইদৰে আসন্ন বিধানসভা নির্বাচনত আজমলে প্রতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দি কয় যে তেওঁ বর্তমান সাংসদ হৈয়েই আছে৷ যমুনামুখ সমষ্টিত দলৰ জিলা কমিটীয়ে এইবাৰ চিৰাজুদ্দিন আজমলক দলীয় প্রার্থী হিচাপে বিচৰা প্রসংগত আজমলে কয় যে চাৰিওফালৰ পৰা সেই দাবী আহিছে৷ দাবী তেওঁ বিবেচনা কৰিব৷ ইপিনে, আসন্ন বিধানসভা নির্বাচনত মহাজোঁটৰ পৰা এ আই ইউ ডি এফে কিমানখন আসন বিচাৰিছে, সেই সম্পর্কত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত দলৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে কয় যে এয়া দলৰ ‘ষ্ট্রেটেজী’ৰ বিষয়৷ দলৰ ষ্ট্রেটেজী ৰাজহুৱা কৰিব পৰা নাযায়৷

You might also like