নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধ্যমিক শিক্ষা বিভাগৰ আনুষ্ঠানিক নির্দেশনাঃ একাদশ–দ্বাদশ শ্রেণীৰ নামভর্তিসহ সকলো মাচুল ৰেহাই

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্রেণীৰ নামভর্তিৰ মাচুল সম্পূর্ণৰূপে ৰেহাই দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত মাধ্যমিক আৰু প্রাথমিক শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে৷

  সেই অনুসৰি নামভর্তিৰ প্র–পত্র আৰু প্রছপেক্টাছকে ধৰি সকলো মাচুল সংশ্লিষ্ট বিদ্যালয় কর্তৃপক্ষই ৰেহাই দিব লাগিব৷ অর্থনৈতিক ভেদভাব নৰখাকৈ সকলো শিক্ষার্থীৰ ক্ষেত্রত এই মাচুল ৰেহাই প্রযোজ্য হ’ব৷ জি এম এ (এক) ৯৩/২০১৬/১০৯ নম্বৰৰ নির্দেশনাত উল্লেখ কৰা অনুসৰি কোনো বিদ্যালয়ে শিক্ষার্থীৰ পৰা মাচুল সংগ্রহ কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷

 ইপিনে, শিক্ষার্থীৰ ১০০ শতাংশ মাচুল ৰেহাইৰ ক্ষেত্রত আর্থিক অসুবিধাৰ সন্মুখীন হোৱা বিদ্যালয়সমূহে সংশ্লিষ্ট বিদ্যালয় পৰিদর্শকৰ জৰিয়তে বিগত বছৰত ৰেহাই দিয়া মুঠ মাচুলৰ আধা অংশ আগতীয়াকৈ লাভ কৰিব পাৰিব৷ উল্লেখ্য যে ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষা বিভাগে কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিশেষকৈ শিক্ষার্থীসকলৰ নামভর্তিৰ মাচুল সম্পূর্ণৰূপে ৰেহাই দিয়াৰ সিদ্ধান্তক ৰাজ্যবাসীয়ে আদৰণি জনাইছে৷

You might also like