উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ সকলো নামভৰ্তি হ’ব বিনামূলীয়া
নিয়মীয়া বাৰ্তা, ৭জুনঃ COVIDৰ পৰিপ্ৰেক্ষিত এইবাৰ APL-BPL হওঁক সকলো শিক্ষাৰ্থীক কলেজসমূহত বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰা হ’ব। কোনেও পইচা ল’ব নোৱাৰিব। কোনো অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ পৰা পইচা বিচাৰিলে দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
সৰস্বতী পূজা, মেডাম মেফীকে ধৰি কোনো উৎসৱত পইচা বিচাৰিব নোৱাৰিব। মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক, কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি সকলোতে নামভৰ্তি বিনামূলীয়া হ’ব। COVIDৰ বাবে বহু অভিভাৱক আৰ্থিকভাৱে জুৰুলা হৈ আছে এই অভিভাৱকসকলক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আনহাতে এইবাৰ নামভৰ্তি অনলাইনযোগে হ’ব আৰু অনলাইনতেই লাভ কৰিব মাৰ্কশ্বীট।