নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কষ্টৰ ফল সদায় মিঠা, ফলাফললৈ আশা নকৰি নিজৰ কৰ্তব্য কৰিব লাগে’

নিয়মীয়া বাৰ্তা, ৬জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান প্ৰাপ্ত ছিপাঝাৰৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ সাফল্যত আনন্দিত সকলো। ধৃতিৰাজৰ পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজে আজি ধৃতিৰাজক লৈ গৌৰৱ অনুভৱ কৰিছে। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে অভিনন্দন জ্ঞাপন কৰিছে।

ধৃতিৰাজৰ এই সাফল্যৰ আঁৰত বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে মাতৃভাষা কেতিয়াও সাফল্যৰ অন্তৰায় হ’ব নোৱাৰে। কষ্টৰ ফল সদায় মিঠা আৰু অগ্ৰজসকললৈ অনুৰোধ জনাই ধৃতিৰাজে কয় যে সকলোৱে নিজৰ কৰ্তব্য কৰি যাব লাগে ফলাফললৈ আশা কৰিব নালাগে।

 

You might also like