মেট্ৰিকৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ শীৰ্ষত দৰং, শিৱসাগৰ, নলবাৰী জিলা
নিয়মীয়া বাৰ্তা, ৬জুনঃ সদ্যঘোষিত মেট্ৰিকৰ ফলাফলত ব্যক্তিগতখণ্ডৰ বিদ্যালয়তকৈ চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ জয়জয়কাৰ। ক’ৰোনা ভাইৰাছৰ আতংকৰ সময়তে পূৰ্বৰ দৰে কোনো বিদ্যালয়ত এইবাৰ দেখা নগ’ল ছাত্ৰ-ছাত্ৰীৰ ভিৰ। কিছু ব্যতিক্ৰমীভাৱে ঘোষণা হোৱা ফলাফলত প্ৰথম স্থানত উজলিল দৰং জিলাৰ ছিপাঝাৰৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা।
আনহাতে উত্তীৰ্ণৰ শীৰ্ষত আছে দৰং, শিৱসাগৰ আৰু নলবাৰী জিলা। আগতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৪.৮০ শতাংশ। ৭বছৰৰ অভিলেখ ভংগ কৰিছে এইবাৰৰ ফলাফলে। শীৰ্ষ ১০টা স্থানৰ ভিতৰত ৫টা স্থানেই লাভ কৰিছে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। গতিকে এই বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ বহু পৰিকল্পনা আছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।