নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা ‘হুজি বি’

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ কালি গুৱাহাটীত ইনামুল হ’ক নামৰ জামাত ঊল মুজাহিদীন বাংলাদেশ (চমুকৈ জেএমবি)ৰ সদস্য এগৰাকী আৰক্ষীৰ জালত পৰাৰ পিছত পুনৰ চৰ্চালৈ আহিছে কুখ্যাত সেই বাংলাদেশী জেহাদী গোষ্ঠীটোৰ নাম। পিছে জেএমবিকে ধৰি ইয়াৰ দুই ভাতৃ সংগঠন নিঅ’ জেএমবি আৰু জেএমআই ( জামাত-ঊল মুজাহিদীন ইণ্ডিয়া) বাংলাদেশী জেহাদী গোষ্ঠী দুটাৰ সমান্তৰালকৈ আন এটা মৌলবাদী শক্তিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশতে এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস অৱ্যাহত ৰখাৰ সন্দেহ কৰা হৈছে৷ উচ্চাৰিত হৈছে এই হৰকত-ঊল-জিহাদ অ’ল-ইছলামী বাংলাদেশ ( চমুকৈ হুজি বি) নামৰ বাংলাদেশৰ এক বিশেষ সেই জেহাদী গোষ্ঠীৰ নাম। হুজি বিৰ সৈতে মায়ানমাৰ-বাংলাদেশ সীমান্তৰ আটাইতকৈ শক্তিশালী বুলি চৰ্চিত থকা “ৰহিংগীয়া চলিডাৰিটি অ’ৰগানাইজেছন” (চমুকৈ আৰএছ অ’)ৰ সৈতে এক সম্পৰ্ক থকা বুলিও সন্দেহ কৰা হৈছে৷  উল্লেখ্য যে, ১৯৮০ চনৰ প্ৰথমাৰ্দ্ধত তদানীন্তন বাৰ্মাৰ সামৰিক চৰকাৰে দেশখনৰ আৰাকান প্ৰদেশৰ প্ৰায় আঢ়ৈ লাখ ৰহিংগীয়া়ক  বাংলাদেশ সীমান্তলৈ খেদি পঠিয়াইছিল৷ গৃহহাৰা এই লোকসকলৰ ক্ষোভৰ সুযোগ লৈ সেই ১৯৮০ চনৰ শেষৰ পিনে  মহম্মদ ইউনুছ নামৰ ব্যক্তি এজনৰ নেতৃত্বত জন্ম লভিছিল “ৰহিংগীয়া চলিডাৰিটি অৰগানাইজেছন” চমুকৈ আৰএছঅ’ (RSO)ৰ৷ ইয়াতে উল্লেখনীয় এয়াও যে, ১৯৯৮  চনত পাকিস্তানী চোৰাংচোৱা সন্থা আইএছআইৰ প্ৰত্যক্ষ সহযোগত বাংলাদেশৰ ঢাকাত জন্ম লভা জেএমবিৰ  অনূৰূপে আন্তঃৰাষ্টীয় জেহাদী সংগঠন হৰকত-ঊল-জিহাদ অ’ল-ইছলামী (হুজি)ৰ বাংলাদেশী শাখা হৰকত–ঊল,–জিহাদ অ’ল ইছলামী বাংলাদেশ (হুজি বি)ৰো মূল উদ্দেশ্য আৰু লক্ষ্য প্ৰায় একেই৷ ১৯৯২ চনৰ ৩০ এপ্ৰিলৰ দিনা বাংলাদেশৰ ঢাকাত জন্ম লভা এই জেহাদী গোষ্ঠীটোৰ উদ্দেশ্যে হ’ল তালিবানী শাসন প্ৰৱৰ্তন কৰা৷ জানিব পৰানুসৰি বাংলাদেশৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ হেঁচা তথা সংগঠনটোৰ চাৰিগৰাকীকৈ শীৰ্ষ নেতাৰ মৃত্যুৰ পিছৰ পৰা সাংগঠনিক দিশত পৰাই ক্ৰমশঃ দূৰ্বল হৈ পৰিবলৈ লোৱা জেএমবি বৰ্তমানে মূল তিনিটা গোটত বিভক্ত হৈ পৰাৰ সন্দেহ কৰা হৈছে৷ ইয়াৰে জেএমবিৰ প্ৰথম গোটটোৰ অধিকাংশ শীৰ্ষ নেতা বৰ্তমানে বাংলাদেশত কাৰাবাস খাটি থকাৰ বিপৰীতে জেএমবিৰ এটা গোট নিঅ’ জেএমবি নামৰ জেহাদী গোষ্ঠীটোৱে নিয়ন্ত্ৰণত আছে৷ শেহতীয়াকৈ বাংলাদেশৰ নিৰাপত্তা বাহিনীৰ হেঁচাত নিঅ’ জেএমবি নামৰ গোটটোও পূৰ্বতকৈ বহু দূৰ্বল হৈ পৰা বুলি অনুমান কৰা হৈছে। আনহাতে, জেএমবিৰ তৃতীয়টো গোট বৰ্তমানে হুজি–বিয়ে নিয়ন্ত্ৰণ কৰি থকা সন্দেহ কৰা হৈছে। উল্লেখ্য যে, “আল কায়দা” নামৰ দূৰ্ধৰ্ষ সন্ত্ৰাসৱাদী সংগঠনটোৰে সম্পৰ্ক ৰক্ষা কৰি চলাৰো সন্দেহ আছে হুজি-বিৰ বিৰূদ্ধে। উল্লেখ্য যে, বাংলাদেশ চৰকাৰে ২০০৫ চনত ট হুজি বিক নিষিদ্ধ সংগঠন ৰূপে ঘোষণা কৰিছিল। ইয়াৰ পিছে পিছে বাংলাদেশ আৰক্ষীৰ বিশেষ গোটৰ এক অভিযানত ২০১৯ বৰ্ষৰ  মাৰ্চ মাহত হুজি-বিৰ শীৰ্ষ নেতা মহম্মদ আতিক উল্লাহ ওৰফে আছাদুল্লাহ ওৰফে জুলফিকৰ, মহম্মদ ব’ৰহান উদ্দিন ৰাব্বানি আৰু মহম্মদ নাজিম উদ্দিন ওৰফে শামীম কৰায়ত্ব হৈছিল। তেতিয়া স্বাভাৱিক ভাৱেই এই জেহাদী গোষ্ঠীটো দূৰ্বল হৈ পৰিব বুলি আশা কৰা হৈছিল যদিও পাকিস্তানী চোৰাংচোৱা সন্থা আইএছআইৰ সহযোগত হুজি বিয়ে ৰংহিগীয়া উগ্ৰপন্থী সংগঠন আৰএছঅৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ ঘটনা এক অশনি সংকেতৰূপেই বিবেচিত হৈছে। পূৰ্বতকৈ সাংগঠনিক শক্তি বহুলাংশে হ্ৰাস পালেও জেএমবি, হুজি বিকে ধৰি আন একাংশ বাংলাদেশী জেহাদী গোষ্ঠীয়ে গোপনে ইন্টাৰনেটযোগে নিজৰ নিজৰ সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ বিষয়টোও ন্যুই কৰিব পৰা বিধৰ নহয় বুলিও জানিব পৰা গৈছে। এনে প্ৰেক্ষাপটত আগলৈ গৈ আনছাৰুল বাংলা টিম (এবিটি) অথৱা জেএমবিৰ অনুৰূপে হুজি বি নামৰ বাংলাদেশী জেহাদী গোষ্ঠীটোও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা নথকা নহয় বুলিয়েই মত ভু ৰখা একাংশ মহলৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like