মন্ত্রী সঞ্জয় কিষানৰ তৎপৰতা তিনিচুকীয়া ধুমুহা শিলাবৃষ্টিত আঘাতপ্ৰাপ্ত শ শ পক্ষী উদ্ধাৰ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ
নিয়মীয়াবাৰ্তা, ২৪এপ্ৰিল: যোৱা নিশা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া চহৰত প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হয়। পুৱাই শ্ৰম আৰু চাহ জনজাতি কল্যান মন্ত্ৰী প্রচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত তিনিচুকীয়া চহৰৰ ক্ষীতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি থকাৰ সময়তে তিনিচুকীয়াৰ IOC কলনীত ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত শ শ চৰাইৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হৈ যতে ততে পৰি থকা দৃশ্য প্ৰত্যক্ষ কৰি পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক আঘাতপ্ৰাপ্ত চৰাইসমূহ বিশেষ ব্যৱস্থাৰে উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সংস্কৃতি সম্পাদক জিন্টু শইকীয়া আৰু জিলা উপসভাপতি ৱাজিদ খানক লগত লৈ প্ৰায় চাৰি ঘণ্টা উদ্ধাৰ অভিযান চলাই প্ৰায় ত্ৰিশ তাতকৈ অধিক বগলী, পানী কাউৰী, কাউৰী, শালিকা আদি বিভিন্ন প্ৰজাতিৰ চৰাই উদ্ধাৰ কৰি গুঁইজানত অৱস্থিত তিনিচুকীয়া বন্যপ্ৰাণী বনাঞ্চললিক কাৰ্যলৰ পশু চিকিৎসক যুগল বৰুৱাক চিকিৎসাৰ বাবে প্ৰদান কৰে। উপস্থিত থাকে বনাঞ্চলিক বিষয়া সান্তনা মেধি।
প্ৰেৰক: সুৰজ দাস