নিয়মীয়া বার্তা, ১৯ জুনঃ লকডাউনৰ শিথিলতাৰ সুযোগ লৈ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে গুৱাহাটীত সক্রিয় হৈ পৰিছে হানী ট্রেপিং চক্র৷ গুৱাহাটীৰ প্রতিষ্ঠিত ব্যৱসায়ীক হানী ট্রেপিং চক্রই কৌশলেৰে জালত পেলাই পাঁচ লাখ টকা দাবী কৰিছিল৷ ভুক্তভোগী ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কালি নিশা হানী ট্রেপিঙৰ অভিযোগত দুই মহিলাসহ চাৰিজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ধৃত মহিলা দুগৰাকী ক্রমে নিজৰা দত্ত (৩৭), ৰীমা সিং (৩৭) আৰু যুৱককেইজন ছয়মাইলৰ উপাসনা ল’জৰ স্বত্বাধিকাৰী বাণীকান্ত মেধি (৩১), ল’জৰ মেনেজাৰ মনোজ দত্ত (২৭), বিতুল কলিতা (৩৭) আৰু নিজাম আহমেদ (৩৫)৷
আৰক্ষীৰ মতে, গুৱাহাটীৰ এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ীক নিজৰা দত্ত নামৰ মহিলাগৰাকীয়ে সহযোগী ৰীমা সিঙৰ সৈতে চিনাকি কৰাই দিছিল৷ লাহে লাহে ঘনিষ্ঠতা বাঢ়ি অহাত প্রায়ে ব্যৱসায়ীজনে ২ মহিলাৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছিল৷ অলপতে নিজৰা দত্তই ব্যৱসায়ীজনক ছয়মাইল ভি আই পি ৰোডৰ উপাসনা ল’জলৈ মাতি আনে৷
অতি পৰিকল্পিতভাৱে ব্যৱসায়ীজনক ল’জৰ এটা কোঠাত বহিবলৈ দি নিজৰা দত্ত আৰু ৰীমা সিঙে নিজৰ গাৰ কাপোৰ খুলি ভিডিঅ’ প্রস্তুত কৰে৷ ইয়াৰ পিছতে ব্যৱসায়ীজনৰ কোঠালৈ দুজন যুৱক সোমাই আহি পাঁচ লাখ টকা দাবী কৰাৰ লগতে ব্যৱসায়ীজনৰ হাতত থকা ৫৫ হাজাৰ টকা কাঢ়ি নিয়ে৷ এই কথা প্রকাশ কৰিলে দুই মহিলাই বলাৎকাৰৰ গোচৰ তৰাৰ লগতে ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰাৰো ভাবুকি দিয়ে৷ ব্যৱসায়ীজনে ধন আদায় দিয়াৰ প্রতিশ্রুতি দি ল’জৰ পৰা ওলাই আহি দিছপুৰ থানাত গোচৰ ৰুজু কৰে৷
কালি আৰক্ষীয়ে বশিষ্ঠৰ পাটৰকুছিত অভিযান চলাই ৬ অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি আটাইকে আদালতত হাজিৰ কৰাই ৫জন অভিযুক্তক জে’ললৈ প্রেৰণ কৰাৰ লগতে ল’জৰ মেনেজাৰ মনোজ দত্তক তিনি দিনৰ আৰক্ষীৰ জিম্মাত লয়৷