নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল্পনা–কল্পনাত মুখ্যমন্ত্রীৰ চেঁচাপানীঃ মন্ত্রীসভা সম্প্রসাৰণৰ প্রয়োজন বুলি মই ভবা নাই

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ শেহতীয়াকৈ অসমত চলি থকা জল্পনা–কল্পনাত চেঁচাপানী ঢালিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নতুন দিল্লীৰ আছাম হাউছত সম্বোধন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্রীৰ বক্তব্য– এতিয়াই মন্ত্রীসভাৰ সালসলনি কিম্বা সম্প্রসাৰণৰ কোনো প্রয়োজন আছে বুলি মই নাভাবোঁ৷ এতিয়া অসমত দলৰ সাংগঠনিক সালসলনিৰ প্রয়োজন আছে৷ প্রথমতে ৰাজ্যিক তথা জিলা পর্যায়ত সাংগঠনিক সালসলনি হ’ব৷ তাৰ পিছত উপ–নির্বাচনো আছে৷ উপ–নির্বাচনৰ পিছত লাহে–ধীৰে মন্ত্রীসভাৰ সালসলনিৰ কথা ভাবিবও পাৰো বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে শপত গ্রহণৰ তিনি মাহ নৌহওঁতেই একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ জল্পনা–কল্পনা চলি আছিল৷ পিছে এই মুখ্যমন্ত্রীগৰাকীয়ে নিজে ইয়াৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছত অন্ত পৰিল সকলো জল্পনা–কল্পনাৰ৷ আনহাতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সংক্রান্ত সকলো কাম–কাজ ক’ভিড–১৯ অতিমাৰীৰ পৰা পৰিত্রাণ পোৱাৰ পিছতেই আৰম্ভ কৰা হ’ব বুলি ড০ শর্মাই এই সাংবাদিকৰ প্রশ্নৰ উত্তৰত স্পষ্ট কৰি দিয়ে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়কো অৱগত কৰা হৈছে৷ নাগৰিকপঞ্জীৰ পুনৰীক্ষণেই হওক কিম্বা ‘ৰিজেকচন শ্লিপ’ জাৰি কৰা প্রক্রিয়া ক’ভিড–১৯ অতিমাৰীৰ পৰা পৰিত্রাণ লাভ কৰাৰ পিছতেই পুনৰ আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত জনাই দিয়ে৷

ইপিনে, মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পিছত যোৱা প্রায় তিনি মাহত অসমত ১৮৩ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰা হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে এই সংবাদ মেলত সদৰী কৰে৷ ড্রাগ্ছ আসক্ত লোকসকলৰ পুনর্বাসনৰ বাবে অনাগত দহ দিনৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দি কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে ‘ড্রাগ্ছ পুনর্বাসন পলিচী’ৰ খচৰা এখনো প্রস্তুত কৰিছে৷ ড্রাগ্ছৰ নেটৱর্ক যে কেৱল অসম কিম্বা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত আছে সেয়া নহয়, মুখ্যমন্ত্রীগৰাকীৰ মতে, সমগ্র দেশত বিয়পি পৰিছে ড্রাগ্ছৰ নেটৱর্ক৷ দুই–তিনি দিন পূর্বে দিল্লীত জব্দ হোৱা ২০ কোটি টকাৰ ড্রাগ্ছ অসমৰ পৰা অহা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে৷ ড্রাগ্ছৰ নেটৱর্ক আন্তঃৰাজ্যিক চক্রৰ হাতত থকা বুলি তেওঁ আশংকা ব্যক্ত কৰে৷

You might also like