নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক মই ঠেংগা কেয়াৰ কৰোঁ, আজমলক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থকাই ভালঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ  এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থকাই ভাল বুলি মন্তব্য কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিজন এ আই ইউ ডি এফ কৰ্মীয়ে গোচৰ তৰিব বুলি আজমলে কৰা মন্তব্যৰ পাছতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ড০ শৰ্মাই ।

“আজমলক মই ঠেংগা কেয়াৰ কৰোঁ। আজমলৰ থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম।” –আলাবৈৰ ৰণৰ স্মৃতিসৌধ উন্মোচন কৰাৰ পাছত সাংবাদিকেৰে হোৱা মুখামুখিত ড০ শৰ্মাই এনেদৰে কয় ।

You might also like