ডিজিটেল ডেস্ক, ১০ জুলাই : অসমৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি অঞ্চলত আজি পুৱা এক পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবে সংঘটিত এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে।
অভিযুক্ত ৰফিকুল ইছলামে পৰিয়ালৰ সদস্যসকল শুই থকা অৱস্থাত এখন দাৰে আক্ৰমণ চলায়। এই আক্ৰমণত তেওঁৰ পত্নী খুদেজা বেগমে ঘটনাস্থলীতে গুৰুতৰ আঘাতত প্ৰাণ হেৰুৱায়।
ইয়াতেই ক্ষান্ত নাথাকি ৰফিকুলে নিজৰ মাতৃ মৰজিনা খাতুন আৰু পিতৃৰ ওপৰতো আক্ৰমণ চলায়। এই আক্ৰমণত দুয়োজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ খবৰ পাই চামগুৰি আৰক্ষী থানা আৰু শিৱস্থান আৰক্ষী চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ৰফিকুল ইছলামক ঘটনাস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে নিহত খুদেজা বেগমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পিতৃ-মাতৃক জৰুৰী চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (NMCH)-লৈ প্ৰেৰণ কৰে।