নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইডিচিক মই কোনো পুঁজি যোগান ধৰা নাই

মুখ খুলিলে আজমলে

নিয়মীয়া বাৰ্তা ২৬ জুনঃ হিন্দু ধর্মাৱলম্বীক মুছলমানলৈ ধর্মান্তৰিত কৰাৰ দৰে কু–কার্যত লিপ্ত ইছলামিক দাৱা চেণ্টাৰ, চমুকৈ আই ডি চিক পুঁজি যোগান ধৰাৰ প্রসংগত অৱশেষত মুখ খুলিলে সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে৷ একাংশ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি আজমলে নস্যাৎ কৰি ইয়াৰ সৈতে অপ্রয়োজনীয়ভাৱে তেওঁৰ নাম সাঙোৰা হৈছে বুলি মন্তব্য কৰিছে এ আই ইউ ডি এফৰ সভাপতিজনে৷ টুইটাৰযোগে বিষয়টো স্পষ্ট কৰি দি আজমলে এক বিবৃতিত কয়– ড০ ওমৰ গৌতম নেতৃত্বাধীন ইছলামিক দাৱা চেণ্টাৰলৈ মই বিদেশী পুঁজি যোগান ধৰা বুলি একাংশ সংবাদ মাধ্যমে মিছা বাতৰিৰে মোৰ লগতে আমাৰ দল আৰু সংস্থাক হেয় প্রতিপন্ন কৰিব বিচাৰিছে৷ এনে বাতৰি সম্পূর্ণ ভিত্তিহীন৷

আজমলে পুনৰ কয় যে ১৯৯৪ চনত প্রতিষ্ঠা হোৱাৰ সময়ৰে পৰা ২০০২ চনৰ আৰম্ভণিলৈকে ড০ ওমৰ গৌতম দিল্লীস্থিত মার্কাজুল মাৰিফ এডুকেচন এণ্ড ৰিছার্চ চেণ্টাৰত প্রশাসক তথা শিক্ষক হিচাপে জড়িত আছিল৷ ২০০৪ চনৰ শেষ ভাগত মার্কাজুল মাৰিফ এডুকেচন এণ্ড ৰিছার্চ চেণ্টাৰ সম্পূর্ণৰূপে মুম্বাইলৈ স্থানান্তৰিত হয়৷ পৰৱর্তী সময়ত তেওঁ ইছলামিক দাৱা চেণ্টাৰ প্রতিষ্ঠা কৰে৷ তেতিয়াৰে পৰা ড০ ওমৰ গৌতমৰ সৈতে মোৰ কোনো সম্পর্ক নাই৷ মই ইছলামিক দাৱা চেণ্টাৰক কোনোধৰণৰ পুঁজি যোগান ধৰা নাই৷ তদুপৰি মার্কাজুল মাৰিফ এডুকেচন এণ্ড ৰিছার্চ চেণ্টাৰ আজিৰ তাৰিখ পর্যন্ত এফ চি আৰ এ পঞ্জীভুক্ত নহয়৷

সেয়েহে বিদেশী পুঁজি লেনদেনৰ কোনোধৰণৰ প্রশ্ণই আহিব নোৱাৰে৷ উদ্দেশ্যপ্রণোদিতভাৱে মোৰ নাম সাঙুৰি জনমানসত মোক হেয় প্রতিপন্ন কৰিবলৈ একাংশই ষড়যন্ত্র ৰচনা কৰিছে৷ উল্লেখ্য যে অতি শেহতীয়াকৈ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটে ধর্মান্তৰকৰণত জড়িত এটা ৰেকেট উৎখাত কৰিবলৈ সক্ষম হৈছিল৷ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটৰ জালত পৰা ইছলামিক দাৱা চেণ্টাৰৰ অধ্যক্ষ ড০ ওমৰ গৌতমৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যম ‘জী নিউজ’ আৰু ‘নিউজ নেচন’ত বাতৰি প্রকাশ পাইছিল যে আজমলেও ইছলামিক দাৱা চেণ্টাৰলৈ পুঁজিৰ যোগান ধৰিছিল৷ ইয়াৰ পাছতে আজমলে এই বাতৰি নস্যাৎ কৰি প্রকাশ কৰা উক্ত প্রতিক্রিয়া তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷

You might also like