নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই দাগী হয় নে নহয় সেয়া হাইকমাণ্ড আদালতেহে ক’ব’

হাইকামাণ্ডে পাখি কটা কার্য স্বীকাৰ ৰিপুণৰ

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ ৰাজ্যিক, জিলা আৰু ব্লক পর্যায়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্রত নিখিল ভাৰত কংগ্রেছ কমিটীয়ে (এ আই চি চি) প্রদান কৰা নিষেধাজ্ঞা আজি অকপটে স্বীকাৰ কৰি লয় প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ এই সন্দর্ভত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে দিয়া এক নির্দেশনাৰ প্রতিক্রিয়া প্রকাশ কৰি ৰাজীৱ ভৱনত এখন সংবাদ মেলত বৰাই কয়– ‘এয়া কি ডাঙৰ কথা৷ এয়া পার্টীৰ অনুশাসনৰ কথাহে৷ জিলা সভাপতি, প্রদেশ কংগ্রেছৰ বিষয়ববীয়া নিযুক্তি দিব লাগিলে এ আই চি চিৰ অনুমোদন ল’ব লাগে৷ এয়া আগৰ পৰাই থকা নির্দেশ, কেৱল ইয়াক পুনৰাবৃত্তিহে কৰা হৈছে৷’ উল্লেখ্য যে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ পর্যবেক্ষক জিতেন্দ্র সিঙে যোৱা ২১ অক্টোবৰত এখন পত্রযোগে নিযুক্তি, অনুশাসনমূলক ব্যৱস্থা লোৱাকে ধৰি সাংগঠনিক সালসলনিৰ ক্ষেত্রত প্রদেশ কংগ্রেছৰ সভাপতিক বাধা আৰোপ কৰিছিল৷ ৰাজ্যিক, জিলা অথবা ব্লক পর্যায়ত যিকোনো সালসলনিৰ ক্ষেত্রত এ আই চি চিৰ অনুমোদন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ অহা ১ নৱেম্বৰত অসম ভ্রমণলৈ অহাৰ পূর্বে জিতেন্দ্র সিঙে এইদৰে ৰিপুণ বৰাৰ পাখি কটা কার্য তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ একে সময়তে আজি এয়া দলৰ এক আভ্যন্তৰীণ কথা বুলি পাকে–প্রকাৰান্তৰে পাখি কটা কার্যৰ কথা স্বীকাৰ কৰি বৰাই এইবুলিও কয়– ‘এইসমূহ দলৰ আভ্যন্তৰীণ বিষয়৷ আপোনালোকৰ ঘৰখন কেনেদৰে চলাব, সেয়া আপোনাৰ ওপৰত নির্ভৰ কৰিব৷ মই সুধি তাত কোনো লাভ নাই৷ তাত হস্তক্ষেপ কৰাৰো দৰকাৰ নাই৷’ ইফালে, বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্রদেশ কংগ্রেছৰ সভাপতি এজন দাগী ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি ৰিপুণ বৰাই কয় যে তেওঁ দাগী হয় নে নহয়, সেয়া আদালত, হাইকমাণ্ড, আইন, ৰাইজ অথবা চৰকাৰে ক’ব৷ ৰূপজ্যোতি কুর্মীক তেওঁ উত্তৰ নিদিয়ে বুলিও প্রকাশ কৰে৷ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদ মেলখনত আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনক আক্রমণৰ লক্ষ্য কৰি লয় প্রদেশ কংগ্রেছৰ সভাপতিজনে৷ বিজেপি চৰকাৰ আৰু দল মিথ্যাচাৰী বুলি অভিযোগ উত্থাপন কৰি বৰাই কয় যে বিগত চাৰিবছৰীয়া শাসনকালত চৰকাৰে দাখিল কৰা বাজেট কার্যকৰী কৰাত ব্যর্থ হৈছে৷ এইক্ষেত্রত আজি ২০১৬–১৭ বর্ষৰ বাজেটত ঘোষণা কৰা বিভিন্ন আঁচনি ৰূপায়ণৰ ব্যর্থতাও তেওঁ আঙুলিয়াই দিয়ে৷ আনহাতে, শেহতীয়াকৈ চর্চিত মিঞা সংগ্রহালয় প্রসংগত প্রদেশ কংগ্রেছৰ সভাপতিজনে কয়– ‘বিধানসভাৰ কমিটীয়ে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি সংগ্রহালয় স্থাপনৰ কথা শ্বেৰমান আলীয়ে উনুকিয়াইছে৷ সেই সিদ্ধান্তত মিঞা বুলি স্পষ্টভাৱে নাই৷ বিধায়কজনে মিঞা সংগ্রহালয় বুলি উল্লেখ কৰিছিল৷ চৰ–চাপৰিত মিঞা আৰু অনামিঞা লোকে বাস কৰে৷ গতিকে চৰ–চাপৰিৰ সংস্কৃতি সংৰক্ষণ কৰিলে মিঞা, অনামিঞা সকলোৰে সংস্কৃতি সংৰক্ষিত হ’ব৷

You might also like