কোনো দলৰ উপদেষ্টা পদত মই নাইঃ নগেন শইকীয়া
নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ কেইবাগৰাকীও লোকে মোক টেলিফোন কৰি জনাইছে যে ‘ৰাইজৰ দল’ নামেৰে এটা নতুন দলৰ মই উপদেষ্টা হৈ আছোঁ বুলি প্রচাৰিত হৈছে৷ মই এই কথাষাৰ প্রথমতে অস্বীকাৰ কৰিছোঁ৷ মই অসমৰ সকলো আঞ্চলিক দল একেলগ হোৱাটো বিচাৰোঁ আৰু ঐক্যবদ্ধ হৈ অহা নির্বাচন যুদ্ধত অৱতীর্ণ হোৱাটো বিচাৰোঁ৷ কিন্তু মই কোনোবা এটা বিশেষ দলৰ উপদেষ্টা হৈ থকাৰ প্রশ্ন নুঠে৷ অসমক ভাল পোৱা, অসমৰ স্বার্থৰ বাবে কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ সকলো একেলগ হোৱাটোৱেই সময়ৰ আহ্বান৷ মই সেই বাবে সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত হোৱা অসম জাতীয় পৰিষদৰ বৰজাপিটোৰ তলতে সকলো একেলগ হোৱাটো বিচাৰোঁ৷ আনকি বেলেগ বেলেগ গোটে যদি নিজৰ পৰিচয় ৰাখিও ঐক্যবদ্ধ হয়, সেই বিষয়তো মোৰ সমর্থন থাকিব৷ মই আশা কৰোঁ মোৰ এই মনোভাবৰ যেন কোনো ভুল ব্যাখ্যা কৰা নহয়৷ মই কথাষাৰ শুনি সংযুক্ত অসম দলৰ সম্পাদক অলক নাথক টেলিফোনযোগে মোৰ মনোভাব জনাইছোঁ৷ অসমৰ বাবে কাম কৰা সকলোৰে প্রতি মোৰ আন্তৰিক শুভেচ্ছা আছে আৰু থাকিব৷ কিন্তু তাৰ বাহিৰে নতুন গোট এটিৰ লগত বিশেষভাৱে জড়িত হৈ থকাৰ প্রশ্ন নুঠে৷ মোৰ সন্মতি নোলোৱাকৈ মোৰ নাম যেন ব্যৱহাৰ নকৰে এইটোৱেই মোৰ অনুৰোধ৷ সময়ৰ আহ্বান অনুসৰি আমি সকলো একেলগ হ’বই লাগিব৷ সদৌ অসম ছাত্র সন্থাৰো অধিৱেশনৰ পাছতে দলটোৰ বিষয়ববীয়া নির্বাচনকে ধৰি আনুষ্ঠানিক সকলো কাম নিশ্চয় হ’ব৷ তেতিয়ালৈকে বাট চাবলৈ মই বাকী সকলোকে আহ্বান জনাওঁ৷