তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সোমবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত এতিয়া মৰ্মাহত হৈ পৰিছে এসময়ৰ ঘনিষ্ঠ তথা বৰ্তমান বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে- “মই তেওঁৰ অধীনত কাম কৰিবলৈ পায় অতি ভাগ্যবান। তেওঁ অসমক অন্ধকাৰৰ সময়ৰ পৰা উদ্ধাৰ কৰিছিল আৰু ১৫ বছৰৰ বাবে ৰাজ্যখনক নেতৃত্ব দি উন্নয়নৰ এক গতি প্ৰদান কৰিছিল। শ্রী তৰুণ গগৈৰ মৃত্যু ৰাজ্যৰ বাবে এক অপূৰণিয় ক্ষতি। ৰাজনীতিত তেওঁৰ শূন্যতা পূৰণ কৰা কঠিন হ’ব। মই গগৈৰ শোকসন্তপ্ত পৰিয়ালৰ প্রতি সমবেদনা জনাইছো আৰু তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।”
The loss of Shri Tarun Gogoi is huge & his absence will mean a vacuum in Assam’s politics that shall be difficult to fill.
I offer my condolences to the bereaved family & pray to God to give his soul eternal peace.
Om Shanti.#TributeTarunGogoi@tarun_gogoi @GauravGogoiAsm pic.twitter.com/32bBFXK5Lm
— Himanta Biswa Sarma (@himantabiswa) November 23, 2020