নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্ন পূৰণৰ বাবে সকলো উজাৰি দিম

🔹 একেদিনাই ১১,৬০০ কোটিৰ প্রকল্পৰ উদ্বোধন–শিলান্যাস কৰি প্রধানমন্ত্রীৰ অংগীকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্রুৱাৰী : ‘আপোনালোকৰ সপোন, মোদীৰ সংকল্প৷ স্বপ্ণ পূৰণ কৰাৰ বাবে সকলো উজাৰি দিম, এয়া মোদীৰ গেৰাণ্টী’৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ কালি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল সমাৱেশত অসমবাসী ৰাইজক সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে৷ উল্লেখ্য যে খানাপাৰাৰ সমাৱেশস্থলীৰ পৰাই প্রধানমন্ত্রী মোদীয়ে আভাষিকভাৱে ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ১,৪৫১ কোটি টকা ব্যয়েৰে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ নির্মাণ কৰা চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ আৰু ৫৯২ কোটি টকা ব্যয়েৰে দোলাবাৰীৰ পৰা জামুগুৰিলৈ নির্মাণ কৰা চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ শুভ উদ্বোধন কৰে৷ সেইদৰে ৪৯৮ কোটি টকাৰে মা কামাখ্যা প্রৱেশ কৰিড’ৰ (দিব্যলোক পৰিযোজনা), ৩,২৫০ কোটি টকাৰে অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনিৰে উন্নত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জিএমচিএইচ)ৰ আন্তঃগাঁথনি উন্নয়ন, ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়ামক ফিফামানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, ৫৭৮ কোটি টকাৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়, ৩০০ কোটি টকাৰে চন্দ্রপুৰ ষ্টেডিয়াম, ৩৫৮ কোটি টকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, ৩,৪৪৪ কোটি টকাৰে ৩৮খন দলংসহ ৪৩টা পথৰ উন্নীতকৰণ আৰু ২৯৭ কোটি টকাৰে ঐক্যভৱন নির্মাণৰ শিলান্যাস কৰে প্রধানমন্ত্রী মোদীয়ে৷ এই উদ্দেশ্যে প্রায় দুই লাখ জনতাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে দিয়া উদাত্ত ভাষণৰ আৰম্ভণিতে অসমীয়া ভাষাত ‘আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ’ বুলি কয়৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়– ‘আজি মা কামাখ্যাৰ আশীর্বাদত মই আকৌ এবাৰ অসমৰ উন্নয়ন সম্পর্কীয় এলানি প্রকল্প আপোনালোকক হস্তান্তৰ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ৷ আজিৰ এই সকলোবোৰ প্রকল্পই অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ লগতে দক্ষিণ–পূব এছিয়াৰ অন্যান্য দেশৰ সৈতে অঞ্চলটোৰ যোগাযোগ অধিক শক্তিশালী কৰিলে৷ এই প্রকল্পসমূহে অসমৰ পর্যটন খণ্ডত নতুন নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব আৰু ক্রীড়া প্রতিভাসমূহকো নতুন সুযোগ প্রদান কৰিব৷ প্রকল্পসমূহে চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু স্বাস্থ্যসেৱা কেন্দ্র হিচাপে অসমৰ ভূমিকাও সম্প্রসাৰিত কৰিব৷ এই প্রকল্পসমূহৰ বাবে মই অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ মোৰ পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছোঁ৷ মই কালি সন্ধিয়া ইয়ালৈ আহিছিলোঁ৷ গুৱাহাটীৰ মানুহে পথলৈ ওলাই আহি আমাক আদৰণি জনাইছিল আৰু ডেকা–বৃদ্ধ সকলোৱে আমাক আশীর্বাদ দিছিল৷ মই আপোনালোক সকলোৰে প্রতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ মই টিভিত দেখিছিলোঁ যে আপোনালোকে লাখ লাখ বন্তি জ্বলাইছিল৷ আপোনালোকৰ এই মৰম, আপোনালোকৰ আত্মীয়তা মোৰ বাবে বৃহৎ প্রাপ্তি৷ আপোনালোকৰ মৰম, আপোনালোকৰ আশীর্বাদেই মোক নিৰন্তৰ শক্তি প্রদান কৰি আহিছে৷ মই আপোনালোক সকলোৰে প্রতি যিমানেই কৃতজ্ঞতা জ্ঞাপন নকৰোঁ কিয়, সেয়া কমেই হ’ব৷’ ভাষণত প্রধানমন্ত্রী মোদীয়ে আৰু কয়– ‘যোৱা কেইদিনমানত মই দেশৰ বহুতো তীর্থ ভ্রমণ কৰাৰ সুযোগ পাইছোঁ৷ অযোধ্যাৰ বিশাল অনুষ্ঠানৰ পিছত মই এতিয়া মা কামাখ্যাৰ দ্বাৰত উপস্থিত হৈছোঁহি৷ আজি মই ইয়াত মা কামাখ্যা দিব্যলোক প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ৷ যেতিয়া ইয়াৰ নির্মাণ সম্পূর্ণ হ’ব, ই সমগ্র দেশ আৰু বিশ্বৰ পৰা অহা মাৰ ভক্তসকলক অপৰিসীম আনন্দৰে ভৰাই তুলিব৷ মা কামাখ্যা দিব্যলোক প্রকল্প সম্পূর্ণ হোৱাৰ পিছত প্রতিবছৰে অধিক ভক্তই ইয়ালৈ আহিব পাৰিব আৰু মা কামাখ্যাৰ দর্শনার্থীৰ সংখ্যা যিমানেই বাঢ়িব, সিমানেই ই সমগ্র উত্তৰ–পূর্বাঞ্চল পর্যটনৰ প্রৱেশদ্বাৰ হৈ উঠিব৷ যিসকল ইয়ালৈ আহিব, তেওঁলোক সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পর্যটনৰ দিশে আগবাঢ়িব৷ এনে এক মহান কার্য এই দিব্যলোকৰ সৈতে জড়িত হৈ আছে৷ এই সুন্দৰ প্রকল্পটোৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ চৰকাৰক প্রশংসা কৰিছোঁ৷’ ভাষণত প্রধানমন্ত্রী মোদীয়ে যোৱা ১০টা বছৰত বিজেপি চৰকাৰে দেশত অভিলেখসংখ্যক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নির্মাণ কৰাৰ কথা উল্লেখ কৰি কয় যে আগতে ডাঙৰ ডাঙৰ প্রতিষ্ঠানসমূহ কেৱল ডাঙৰ চহৰসমূহতহে স্থাপন কৰা হৈছিল৷ আজি সমগ্র দেশতে আই আই টি, এইমছ, আই আই এমৰ দৰে প্রতিষ্ঠানৰ নেটৱর্ক স্থাপন কৰা হৈছে৷ যোৱা ১০টা বছৰত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্রায় দুগুণ হৈছে৷ অসমতো বিজেপি চৰকাৰৰ আগতে ৬খন চিকিৎসা মহাবিদ্যালয়হে আছিল৷ আজি ১২খন চিকিৎসা মহাবিদ্যালয় আছে৷ অসম আজি উত্তৰ–পূর্বাঞ্চলৰ কর্কট ৰোগৰ চিকিৎসাৰ এক মুখ্য কেন্দ্র হৈ উঠিছে৷ ভাষণত তেওঁ কয় যে দেশবাসীৰ জীৱন সহজসাধ্য কৰি তোলাটো হৈছে বর্তমানৰ চৰকাৰৰ প্রাথমিকতা৷ চাৰি কোটিতকৈও অধিক দৰিদ্র পৰিয়ালৰ বাবে পকী ঘৰ নির্মাণ কৰা হৈছে৷ প্রতিটো ঘৰত পানী আৰু বিদ্যুৎ যোগান ধৰিবলৈ এক অভিযান চলোৱা হৈছে৷ উজ্জ্বলা আঁচনিয়ে আজি অসমৰ লাখ লাখ ভনী আৰু কন্যাক ধোঁৱাৰ পৰা মুক্তি দিছে৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত নির্মাণ কৰা শৌচালয়সমূহে অসমৰ লাখ লাখ ভনী আৰু কন্যাৰ মর্যাদা সুৰক্ষিত কৰিছে৷ উন্নয়ন আৰু ঐতিহ্যৰ ক্ষেত্রত চৰকাৰে প্রদান কৰা গুৰুত্বই দেশৰ যুৱপ্রজন্মক পোনপটীয়াকৈ লাভৱান্বিত কৰিছে৷ আজি দেশত পর্যটন আৰু তীর্থযাত্রাৰ বাবে উৎসাহ বৃদ্ধি পাইছে৷ কাশী কৰিড’ৰ নির্মাণৰ পিছত অভিলেখসংখ্যক ভক্ত তাত উপস্থিত হৈছে৷ যোৱা এবছৰত ৮.৫ কোটি লোকে কাশী ভ্রমণ কৰিছে৷ ৫ কোটিতকৈও অধিক লোকে উজ্জয়িনীৰ ‘মহাকাল মহালোক’ ভ্রমণ কৰিছে৷ ১৯ লাখতকৈও অধিক লোকে কেদাৰনাথ ধাম ভ্রমণ কৰিছে৷ অযোধ্যা ধামৰ প্রাণ প্রতিষ্ঠা হোৱাৰ মাত্র কেইদিনমান হৈছে৷ এই ১২টা দিনতে ২৪ লাখতকৈও অধিক লোকে অযোধ্যা ভ্রমণ কৰিছে৷ মা কামাখ্যা দিব্যলোক প্রকল্প নির্মাণ হোৱাৰ পাছত আমি ইয়াতো একেধৰণৰ দৃশ্য দেখিবলৈ পাম৷ এই প্রসংগতে প্রধানমন্ত্রী মোদীয়ে কয় যে যেতিয়া তীর্থযাত্রীসকল আহে, যেতিয়া ভক্তসকল আহে, দৰিদ্র লোকসকলেও উপার্জন কৰিব পাৰে৷ ৰিক্সাচালক, টেক্সি, হোটেল ব্যৱসায়ী, পথৰ দাঁতিৰ বিক্রেতাই হওক সকলোৰে উপার্জন বৃদ্ধি পায়৷ সেই কাৰণে এইবাৰ বাজেটতো পর্যটন ক্ষেত্রত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ কেন্দ্রৰ বিজেপি চৰকাৰে পর্যটন সম্পর্কীয় ঐতিহাসিক স্থানসমূহৰ বিকাশৰ বাবে এটা নতুন অভিযান আৰম্ভ কৰিবলৈ আগবাঢ়িছে৷ অসমত, উত্তৰ–পূর্বাঞ্চলত এইক্ষেত্রত যথেষ্ট সম্ভাৱনা আছে৷ সেই কাৰণে বিজেপি চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ যোৱা ১০ বছৰ ধৰি উত্তৰ–পূর্বাঞ্চললৈ অভিলেখসংখ্যক পর্যটক আহিছে৷ এই পর্যটন কেন্দ্রসমূহ, উত্তৰ–পূর্বাঞ্চলৰ সুন্দৰ অঞ্চলবোৰ আগতেও আছিল৷ কিন্তু তেতিয়া ইয়ালৈ ইমানকৈ পর্যটক অহা নাছিল৷ হিংসা, সম্পদৰ অভাৱ, সা–সুবিধাৰ অভাৱৰ মাজত কোনেনো বাৰু ইয়ালৈ আহিবলৈ ভাল পালেহেঁতেন? ১০ বছৰ আগত অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলত কি পৰিস্থিতিয়ে বিৰাজ কৰিছিল, সেই কথা আপোনালোকেও জানে৷ সমগ্র উত্তৰ–পূর্বাঞ্চলত ৰে’ল ভ্রমণ আৰু বিমানযাত্রা অতি সীমিত আছিল৷ ৰাস্তাবোৰ ঠেক আছিল, বেয়াও আছিল৷ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ভ্রমণ কৰাৰ কথা বাদেই দিয়ক, এখন জিলাৰ পৰা আন এখনলৈ যাত্রা কৰিবলৈকো কেইবা ঘণ্টা লাগিছিল৷ এই সকলোবোৰ পৰিস্থিতি আজি বিজেপি আৰু এন ডি এৰ দ্বৈত ইঞ্জিন চৰকাৰে সলনি কৰিছে৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে ‘মোদী গেৰাণ্টী’ৰ প্রসংগ উল্লেখ কৰি কয় যে মোদীয়ে যিবোৰ গেৰাণ্ঢী দিয়ে সেয়া পূৰণ কৰিবলৈ দিনে–ৰাতিয়ে কাম কৰাৰো সাহস ৰাখে৷ সেই কাৰণে আজি উত্তৰ–পূর্বাঞ্চলে মোদীৰ গেৰাণ্টীৰ ওপৰত বিশ্বাস ৰাখিছে৷ অসমত বছৰ বছৰ ধৰি যিবোৰ অঞ্চল অশান্ত হৈ আছিল, সেইবোৰ অঞ্চলত এতিয়া স্থায়ী শান্তি স্থাপন হৈছে৷ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদৰ সমাধান কৰা হৈছে৷ বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ১০খনতকৈও অধিক গুৰুত্বপূর্ণ শান্তি চুক্তি সম্পাদিত হৈছে৷ যোৱা কেইবছৰমানত উত্তৰ–পূর্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে হিংসাৰ পথ ত্যাগ কৰি উন্নয়নৰ পথ বাছি লৈছে৷ মই বহু বছৰ ধৰি অসমত মোৰ দলৰ সাংগঠনিক কাম কৰিছিলোঁ৷ মই ইয়াৰ প্রতিটো অঞ্চললৈ গৈছোঁ৷ মোৰ মনত আছে– সেই সময়ত অহা–যোৱা কৰাত অন্যতম বাধা আছিল পথ অৱৰোধ, বন্ধ কার্যসূচী আৰু গুৱাহাটীৰ ভিতৰতো বোমা বিস্ফোৰণ মই নিজ চকুৰে দেখিবলৈ পাইছিলোঁ৷ আজি সেয়া অতীত হৈ পৰিছে৷ মানুহে শান্তিৰে বসবাস কৰি আছে৷ অসমৰ ৭ হাজাৰতকৈও অধিক যুৱক–যুৱতীয়ে অস্ত্র ত্যাগ কৰিছে আৰু দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই খোজ কাঢ়িবলৈ সংকল্প গ্রহণ কৰিছে৷ বহু জিলাৰ পৰা আফস্পা, আঁতৰোৱা হৈছে৷ হিংসাৰ দ্বাৰা প্রভাৱিত হোৱা অঞ্চলবোৰে আজি তেওঁলোকৰ আকাংক্ষা অনুসৰি নিজকে বিকশিত কৰাৰ প্রয়াস কৰিছে আৰু চৰকাৰে তেওঁলোকলৈ সম্পূর্ণ সহায় আগবঢ়াই আছে৷ ভাষণত তেওঁ আৰু কয় যে আজি দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ সংযোগ উত্তৰ–পূর্বাঞ্চলৰ মাজেৰে সম্প্রসাৰিত হৈছে৷ আজি দক্ষিণ এছিয়া উপ–আঞ্চলিক অর্থনৈতিক সহযোগিতা আৰু ইয়াৰ সহযোগিতাৰ অধীনতো বহু পথ উন্নীতকৰণৰ কাম আৰম্ভ হৈছে৷ যেতিয়া এই সকলো সংযোগ সম্পূর্ণ হ’ব, তেতিয়া এই অঞ্চলটো ব্যৱসায়ৰ এক ডাঙৰ কেন্দ্র হৈ উঠিব৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ প্রতিগৰাকী যুৱক–যুৱতীৰো একেই সপোন আছে– তেওঁলোকেও পূব এছিয়াৰ দৰে উন্নয়ন ইয়াতো দেখিব বিচাৰে৷ মই অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ প্রতিগৰাকী যুৱক–যুৱতীক কওঁ– আপোনালোকৰ সপোন হৈছে মোদীৰ সংকল্প আৰু মোদীয়ে আপোনালোকৰ সপোনবোৰ পূৰণ হোৱাটো নিশ্চিত কৰিবলৈ কোনোধৰণৰ চেষ্টাৰ ত্রুটি নকৰিব৷ এয়া হৈছে মোদীৰ গেৰাণ্টী৷ ভাৰত আৰু ভাৰতীয়সকলৰ বাবে এক সুখী–সমৃদ্ধ জীৱন সম্ভৱ কৰাটোৱেই চৰকাৰখনৰ লক্ষ্য বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাটোহে আমাৰ উদ্দেশ্য৷ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্র হিচাপে গঢ়ি তোলা৷ ইয়াত অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ডাঙৰ ভূমিকা আছে৷ মা কামাখ্যাৰ আশীর্বাদত তেওঁ ভব্য, দিব্য অসমৰ ছবি বাস্তৱ হোৱা দেখিবলৈ পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আপোনালোকৰ সপোনবোৰ পূৰণ হ’ব আৰু আমি ইয়াক নিজ চকুৰে চাম৷ কালিৰ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় জাহাজ, বন্দৰ আৰু আয়ুস দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় তেল আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, অসমৰ কৃষিমন্ত্রী অতুল বৰা, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো প্রধানমন্ত্রী মোদীৰ সৈতে মঞ্চত উপস্থিত থাকে৷

You might also like