নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা আহিলে বিজেপিৰ লগত নাথাকে প্রমোদ বড়ো

মহিলাৰীৰ তৎপৰতাক লৈ অসন্তুষ্ট বিটিআৰপ্রধান

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীক লৈ ভিতৰি ভিতৰি উত্তপ্ত হৈ পৰিছে বি টি আৰৰ ৰাজনীতি৷ মহিলাৰীক বিজেপি দলে আদৰি ল’লেই যিকোনো মুহূর্ততে সলনি হ’ব পাৰে বি টি আৰৰ ৰাজনীতি৷ বৃহস্পতিবাৰে দিছপুৰত তাৰেই স্পষ্ট ইংগিত দিলে ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে৷ সংবাদ মাধ্যমৰ আগত বড়োৱে কয় যে হাগ্রামা মহিলাৰীক বিজেপি দলে আদৰি লোৱাটো তেওঁ সমর্থন নকৰে৷ তেওঁৰ নিজস্ব আদর্শ আছে৷ তেওঁ নিজৰ আদর্শ মতে চলিব৷ হাগ্রামা মহিলাৰীক যদি বিজেপি দলে লগত লয়, তেতিয়া সেয়া হ’ব তেওঁৰ বাবে আদর্শৰ পৰিপন্থী বিষয়৷ প্রয়োজনত তেওঁ ৰাজনীতিয়েই এৰিব৷ তেওঁ আৰু কয় যে এনেকুৱা কোনো বাধ্য–বাধকতা নাই যে তেওঁৰ নীতি–আদর্শৰ বাহিৰত যোৱাৰ পাছতো তেওঁ আদর্শ জলাঞ্জলি দিব৷ অর্থাৎ হাগ্রামা মহিলাৰীক বিজেপিয়ে সংগী কৰি ল’লেই স্বাভাৱিকতেই বিজেপিৰ সংগ ত্যাগ কৰিব প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে৷

হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে এন আই এ, চি বি আইৰ তদন্ত চলি থকাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে বড়োভূমিত চলা হত্যা–হিংসা বন্ধ কৰা আৰু অস্ত্রৰ জনজননি বন্ধ কৰাৰ স্বার্থতে তেওঁ ৰাজনীতিলৈ আহিবলগীয়া হৈছে৷ হাগ্রামা মহিলাৰীৰ নাম উল্লেখ নকৰাকৈ তেওঁ আৰু কয় যে কাৰোবাৰ হাত নথকাকৈ বন্দুক চলিব নোৱাৰে৷ বন্দুক হাৱা–পানীত নচলে৷ নিশ্চয় কাৰোবাৰ হাত থাকিব লাগিব৷ বন্দুকৰ আঁৰত কোন, সেয়া তদন্তত ওলাই পৰিব৷ ইপিনে বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰীয়ে কয় যে যোৱা বিটিচি নির্বাচনৰ সময়ত হাগ্রামা মহিলাৰীৰ দুর্নীতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল৷ ৰাইজে হাগ্রামা মহিলাৰীক শাসনৰ পৰা ওফৰাই দিলে৷ এতিয়া চৰকাৰৰ বিভিন্ন এজেন্সীয়ে হাগ্রামা মহিলাৰীৰ দুর্নীতি আৰু আইনবিৰোধী কার্যকলাপৰ তদন্ত কৰি আছে৷ তদন্তত দোষী প্রমাণিত হ’লে হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হ’ব৷ দোষী হ’লে হাগ্রামা মহিলাৰী গ্রেপ্তাৰ হ’ব৷ আইন সকলোৰে বাবে সমান৷ আনহাতে, বসুমতাৰী বি টি আৰৰ উপ–মুখ্য কার্যবাহী নে বিধায়ক হৈ থাকিব, সেই সম্পর্কত সাংবাদিকৰ আগত কয় যে এই সম্পর্কত দলৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত ল’ব৷ বর্তমান তেওঁ দুয়োটা দায়িত্বতে আছে৷ তেওঁ কোনটো দায়িত্বত থাকিব, সেয়া দলৰ শীর্ষ নেতৃত্বৰ সিদ্ধান্ত মতে হ’ব৷

You might also like