নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ লেনদেনৰ প্রক্রিয়া অব্যাহত ৰাখিলে অসমত সূচনা হ’ব এক নতুন অর্থনৈতিক বিপ্লৱৰ

ঋণ নল’লে সমাজ এখন আগবাঢ়িব নোৱাৰেঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ বেংকৰ পৰা ঋণ নোলোৱাকৈ এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে৷ বেংকে ঋণ দিলেহে মূলধন গঠন হয়৷ টাটা, বিৰলা, আম্বানি আদিয়েও বেংকৰ পৰা ঋণ লৈছে৷ ঋণ লোৱা বেয়া কথা নহয়৷ সমৃদ্ধি আৰু বিকাশৰ বাবে ঋণ ল’বহ লাগিব৷ ভাৰতৰ অনান্য ৰাজ্যৰ তুলনাত মহাৰাষ্ট্র, গুজৰাট, উত্তৰ প্রদেশত মাহক্র’ ফাহনেঞ্চৰ ঋণ সর্বাধিক৷ হয়াৰে আকৌ উত্তৰ প্রদেশত ১০০ শতাংশ লোকেহ ঋণ সময়মতে পৰিশোধ কৰি আহিছে৷ সেহ বাবেহ সেহ ৰাজ্যসমূহৰ হয়তো উন্নয়ন বহু বেছি৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি ডিব্রুগড়ৰ চৌকীডিঙিত আয়োজিত অসম মাহক্র’ ফাহনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত ডিব্রুগড় জিলাৰ হিতাধিকাৰীসকললৈ ধনৰাশিৰ চেক প্রদান কৰি এখন বিশাল জনসভাত মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে নির্বাচনৰ পূর্বে যেতিয়া তেওঁ নির্বাচনী সভালৈ গৈছিল, তেতিয়া আহমাতৃসকলক মাহক্র’ ফাহনেঞ্চৰ পৰা ঋণ লোৱা দুখীয়াসকলক ঋণৰ পৰা ৰেহাহ দিম বুলি কৈছিল৷ যেতিয়া ব্যৱসায় নাথাকে, তেতিয়া ঋণ ঘূৰাহ দিব নোৱাৰে৷ হয়াতে ডাঙৰ ভুল হ’ল বুলি উল্লেখ কৰি হয়াৰ বাবে মাহক্র’ ফাহনেঞ্চৰ একাংশ বিষয়া–কর্মচাৰীক দোষাৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে বিষয়া–কর্মচাৰীসক মহিলাসকলক এয়া কোনো অনুদান নহয়, ধাৰ হয় বুলি বুজাব লাগিছিল আৰু যে সময়মতে ঘূৰাহ দিব লাগিব, সেয়াও ক’ব লাগিছিল৷

এই কথাবিলাক ভালদৰে বুজাব নোৱাৰা আৰু বেংকবিলাকে ওপৰা–উপৰি ঋণ দিয়াৰ বাবে আহমাতৃসকলৰ মাজত ঘূৰাহ নিদিয়াৰ এটা ভ্রান্ত ধাৰণা সোমাহ পৰিল৷ হাঁহৰ ফার্মৰ বাবে যদি হাঁহ কিনি সেহ হাঁহ মাঘ বিহুৰ ভোজত খাই পেলোৱা হয়, তেনেহ’লে ফার্মেহ থাকিব ক’ত? আৰু ধন ঘূৰাব ক’ৰ পৰা? এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই স্বভাৱসিদ্ধ ৰসিকতা কৰি কয় যে মাহক্র’ ফাহনেঞ্চৰ টকাৰে ভাল গাহৰি ফার্ম, কুকুৰা ফার্ম খুলি পৰিয়াল পোহপাল দিয়াৰ লগতে এক স্বাচ্ছন্দ্য জীৱন যাপন কৰাৰ এক ভাল পৰিৱেশৰ অৱতাৰণা ঘটিছিল৷ কিন্তু গোটেহ পৰিৱেশেহ নষ্ট হ’ল বুলি আক্ষেপ প্রকাশ কৰে মুখ্যমন্ত্রী ড০ শর্মাহ৷ মূলধন গঠনৰ সম্পর্কত অর্থনীতি অধ্যয়ন কৰাসকলে ‘কেপিটেল ফর্মেচন’ কি ভালদৰে জানে বুলি সদৰী কৰি ভাষণ প্রসংগত ড০ শর্মাহ কয় যে নিজৰ টকা, বেংকৰ ঋণ, উৎপাদনৰ পৰা উপার্জন আদিৰ পৰাহ মূলধন হয়৷ প্রতিবছৰি ৰাজ্যত ২–৩ লাখৰ অধিক নিবনুৱাৰ সৃষ্টি হয় বুলি উল্লেখ কৰি সকলোৱে চৰকাৰী চাকৰী পোৱা অসম্ভৱ৷ সেয়ে নিজ জীৱন আৰু জীৱিকাৰ বাবে বেংকৰ পৰা ঋণ লৈয়ে স্বাৱলম্বী হ’ব লাগিব৷ ৰাজ্যৰ মহিলাসকলে যদিহে ঋণ গ্রহণৰ লগতে পৰিশোধেৰে এক সুস্থ লেনদেনৰ প্রক্রিয়া অব্যাহত ৰাখে, তেতিয়াহ’লে অসমত এক নতুন অর্থনৈতিক বিপ্লৱৰ সূচনা হ’ব৷ মাহক্র’ ফাহনেঞ্চৰ ঋণ লোৱা মহিলাই বেংকৰ বিৰুদ্ধে আন্দোলন কৰাৰ কোনো অর্থ নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ধৰুৱাহ মালিকৰ বিৰুদ্ধে আন্দোলন কৰে নেকি বুলি প্রশ্ণ কৰি কয় যে এনেকুৱা নিয়ম কেৱল অসমতে আছে৷ এহক্ষেত্রত বেংকৰো কিছু ভুল থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাহিলি তিনি হাজাৰ উপার্জন থকা লোককো ২০ হাজাৰ টকা ঋণ দিছে৷ অসমত এহ ঋণ ২৪ লাখ মহিলাহ লৈছে৷ এহসকলক তিনিটা শ্রেণীত ভাগ কৰি সেহমর্মে নিয়মীয়া, অনিয়মীয়া আৰু ঋণ ঘূৰাহ নিদিয়া হিচাপে চিহ্ণিত কৰিছে৷ কিছুমানে ঋণ নিয়মীয়াকৈ পৰিশোধ কৰিছে, কিছুমানে কিছুদিনৰ আগয়ে বন্ধ কৰিছে আৰু কিছুমানে ঘূৰাব পৰা নাহ বা পৰিশোধ কৰা বন্ধ কৰি দিছে৷ হয়াৰে ঘূৰাব নোৱাৰা ৮ লাখ, ঘূৰাহ দিয়া ১১ লাখ আৰু অনিয়মীয়া ৫ লাখ ৫০ হাজাৰ৷ সেয়ে যদি ঋণ ঘূৰাহ নিদিয়াসকলক প্রথমে সহায় কৰা হয়, তেন্তে দিয়াসকলে ঘূৰাহ নিদিয়া হ’লেহ ভাল আছিল বুলি নাভাবিব কাৰণেহ ওলোটাকৈ আৰম্ভ কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণ প্রসংগত উল্লেখ কৰে৷
কেঞ্চাৰ হাস্পতাল আৰু জলসম্পদ বিভাগৰ অতিথিগৃহ পৰিদর্শন মুখ্যমন্ত্রীৰ
আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে টাটা ড্রাষ্ট আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অসম মেডিকেল কলেজ চৌহদত নির্মিত লেভেল–১ কেঞ্চাৰ হাস্পতালখন আজি পৰিদর্শন কৰে৷ দেশৰ ভিতৰতে অন্যতম এহ ২০০খন বিছনাযুক্ত অত্যাধুনিক কেঞ্চাৰ হাস্পতালখন ব’হাগ বিহুৰ আগে–পিছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব বুলি কয়৷ এই কেঞ্চাৰ হাস্পতালখনত কেমথেৰাপী, ৰেডি’ থেৰাপী আৰু ছার্জাৰীকে ধৰি কেঞ্চাৰ ৰোগীৰ সকলো ধৰণৰ চিকিৎসা অত্যাধুনিক পদ্ধতিৰে ৰোগীয়ে লাভ কৰিব৷ আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই ডিব্রুগড় জলসম্পদ বিভাগৰ দ্বাৰা প্রায় পাঁচ কোটি টকাৰে নির্মাণ কৰা এটা অতিথিগৃহ পৰিদর্শন কৰাৰ উপৰি ডিব্রুগড় কনভয় ৰোডত নির্মীয়মাণ ফ্লাহ’ভাৰ নির্মাণকার্যৰ বুজ লয়৷
মাতৃৰ বিয়োগৰ খবৰ ল’বলৈ বিধায়ক তৰংগ গগৈৰ বাসগৃহত মুখ্যমন্ত্রী
নিয়মীয়া বার্তা, নামৰূপঃ যোৱা ২ জানুৱাৰীত মৃত্যুবৰণ কৰা নাহৰকটীয়াৰ অতি অমায়িক সৰবৰহী মহিলা তথা বিধায়ক তৰংগ গগৈৰ মাতৃৰ বিয়োগৰ খবৰ ল’বলৈ আজি সন্ধিয়া বিধায়কগৰাকীৰ বাসগৃহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রয়াত শশীপ্রভা গগৈৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
নামৰূপ সাৰ কাৰখানাৰ বাবে কেন্দ্রৰ ১০০ কোটি টকা আবণ্টন
আজি সন্ধিয়া নামৰূপ সাৰ কাৰখানাত উপস্থিত হয় মুখ্যমন্ত্রী ড০ শর্মা৷ সাৰ কাৰখানাটোৰ চিকিৎসালয়খনত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই চিকিৎসালয়খনৰ আন্তঃগাঁথনি পৰিদর্শন কৰে৷ হয়াৰ পাছতে সাংবাদিকৰ সমুখত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রই ইতিমধ্যে নামৰূপ সাৰ কাৰখানাৰ বাবে ১০০ কোটি টকাৰ অনুমোদন জনাইছে৷ লগতে ৰাজ্য চৰকাৰে কাৰখানাটোৰ চতুর্থ গোটত ২৬ শতাংশ মূলধন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷

You might also like