ক’ভিডৰ নীতি-নিৰ্দেশনা নামানিলে এইবাৰ লাঠী ঘূৰোৱা নহয়, হ’ব পাৰে কাৰাদণ্ড
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ভিডৰ দ্বিতীয় প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আজি জাৰি কৰিলে নতুন নীতি-নিৰ্দেশনা। এই নীতি-নিৰ্দেশনাবোৰ দায়িত্বশীল নাগৰিকৰ পৰিচয় দি মানি চলিবলৈ আজি এক সংবাদমেলযোগে অনুৰোধ জনায় আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।
কিন্তু নীতি-নিৰ্দেশনা অমান্য কৰিলে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। এই ব্যৱস্থা জৰিমনাৰ ঊৰ্ধ্বত গৈ কাৰাদণ্ডপৰ্যন্ত হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে, কিছু লোকে ক’ভিডক লৈ উন্নাসিকতা প্ৰদৰ্শন কৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰ সৈতে তৰ্কত লিপ্ত হ’লে বলপ্ৰয়োগ হ’ব বুলি কয় সঞ্চালকপ্ৰধানগৰাকীয়ে।
তেওঁ কয়- ‘আমি সকলোকে বিনয়েৰে নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছো। কাৰোবাৰ মাস্ক নাথাকিলে আৰক্ষীক ক’লে আৰক্ষীয়ে বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰিব। কিন্তু মাস্ক পিন্ধাটো বাধ্যতামূলক। এইক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব। আমি সাধাৰণতে লাঠী নঘূৰাও বুলি ভাবিছো, কিন্তু প্ৰশাসনক প্ৰত্যাহ্বান জনাই আক্ৰমণ কৰিব গ’লে লাঠী ঘূৰিব। আনহাতে বাকী নীতি-নিৰ্দেশনাসমূহো অৱশ্য পালনীয়।’
উল্লেখ্য, ৰাজ্যখনত শেহতীয়াকৈ ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ ঘটা দেখিবলৈ পোৱা গৈছে। ক’ৰোনাৰ নতুন প্ৰকাৰ (ইউ কে ভেৰিয়েণ্ট) ৰাজ্যখনত চিনাক্ত কৰা হৈছে, এই নতুন প্ৰকাৰৰ ক’ৰোনা পূৰ্বৰ ক’ৰোনাতকৈ অধিক শক্তিশালী আৰু সংক্ৰমণশীল।