নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইএম নগাঁৱত স্থাপনৰ দাবী নগাঁও নাগৰিক সভাৰ

বিশেষ বাৰ্তা, ২৯ জুনঃ নগাঁৱত প্ৰস্তাৱিত আই আই এম স্থাপনৰ দাবীত নগাঁও নাগৰিক সভাই আজি নগাঁও জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত সম্বোধন কৰি সম্পাদক বিৰিঞ্চি বৰাই যোৱা বেছ কিছুবছৰ ধৰি তেতিয়াৰ অবিভক্ত নগাঁও জিলা আৰু বৰ্তমানৰ নগাঁও মৰিগাঁও হোজাই জিলাকে আদি কৰি অসমৰ বৃহত্তৰ মধ্য অঞ্চল সদায়ে উপেক্ষিত হৈ অহাৰ কথা উত্থাপন কৰি দুখ প্ৰকাশ কৰে। বৰাই কয় অসমৰ কেন্দ্ৰস্থল হিচাপে চিহ্নিত নগাঁও জিলাত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ দাবীকে আদি কৰি পশুতচিকিৎসা মহাবিদ্যালয়, IIT, শোধানাগাৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু সৌসিদিনা AIIMSৰ দাবীত হোৱা সবল আন্দোলনত নগঞা ৰাইজে মিন্টু দেউৰীক হেৰুওৱা সত্বেও চৰকাৰে নগঞা ৰাইজৰ নায্য দাবীলৈ গুৰুত্ব নিদি চাংসাৰিত এইমছ স্থাপন কৰিলে আৰু বৰ্তমানৰ মন্ত্ৰী পীযূষ হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বিধায়ক ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী, প্ৰয়াত ডিম্বেশ্বৰ দাসকে আদি কৰি সকলো শাসকীয় পক্ষৰ শক্তিশালী মন্ত্ৰী বিধায়ক থকাৰ পাছতো কোনো সদুত্তৰ নাপালে। আৰু শেহতীয়াকৈ স্থাপন হ’বলগীয়া IIMৰ ক্ষেত্ৰতো যেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ মাৰাভিঠাত IIM স্থাপন কৰাৰ কথা ঘোষণা কৰিলে তেতিয়া স্বভাৱসুলভভাবে শাসকীয় পক্ষই হওক বা বিৰোধী পক্ষৰে হওক সকলোৱে মৌনতা অৱলম্বন কৰাক লৈ আচৰ্য প্ৰকাশ কৰে। সম্পাদক বিৰিঞ্চি বৰাই সংবাদ মাধ্যমৰ মাজেৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাক “সব কা সাথ সবকা বিকাশ” নীতিক সাৰোগত কৰি নগাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰয়োজনলৈ গুৰুত্ব আৰোপ কৰি অসমত স্থাপন হ’বলগীয়া IIM নগাঁৱত স্থাপন কৰিবলৈ অনুৰোধ জনায় আৰু মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, ৰমাকান্ত দেউৰী শশীকান্ত দাসৰ লগতে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈক অনুৰোধ জনাই কয় নগাঁৱৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি যে আপোনালোক সামূহিকভাৱে দায়বদ্ধ সেয়া প্ৰমাণ কৰাৰ এয়া উৎকৃষ্ট সময়, এয়া IIM নগাঁৱত স্থাপন কৰাৰ দাবী তোলাৰ সময়।”

প্ৰেৰক কনক হাজৰিকা

You might also like