নিয়মীয়া বাৰ্তা, ১৭ জুনঃ গুৱাহাটী আই আই টিৰ গৱেষকৰ নতুন উদ্ভাৱন। গৱেষকে উদ্ভাৱন কৰিলে উলিয়ালে VTM কিট। স্বোৱাব লোৱাৰ সময়ত সহায়ক হ’ব এই কিট। স্বোৱাব লোৱাৰ সময়ত স্ৱোৱাব সংগ্ৰহ কৰি এটা মিডিয়াত থোৱা হয় আৰু তাৰ পাছতহে লৈ যোৱা হয় পৰীক্ষাগাৰলৈ।
এই কিটটো বহিঃৰাজ্যৰ পৰা কিনিছিল ৰাজ্য চৰকাৰে। গতিকে বৰ্তমান প্ৰায় ২০ হাজাৰ কিট উদ্ভাৱন কৰি উলিয়াইছে আই আই টিৰ উদ্ভাৱকে। এয়া নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ বাবে সুখবৰ। আনহাতে পূৰ্বতে দিল্লীৰ পৰা VTM কিট নহালৈকে অপেক্ষা কৰিব লগা হৈছিল, গতিকে ই নিশ্চয়কৈ এক ভাল খবৰ বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।