লাহৰীঘাটত পথৰ দাঁতিত অবৈধ খননঃ ভাবুকি কঢ়িয়াইছে গড়কাপ্টানী পথলৈ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত এটা পথ নিৰ্মাণকাৰী কোম্পানীয়ে পথৰ দাঁতিত অবৈধভাৱে মাটি কাটি এটা গড়কাপ্টানী পথলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত কিন্তু মৰিগাঁও জিলাৰ লোকনিৰ্মাণ বিভাগ নীৰৱ দৰ্শক হৈ থকাত এতিয়া সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে লাহৰীঘাটৰ বগলীপাৰাৰ পৰা কুশতলি হৈ মৰিগাঁও সংযোগী গড়কাপ্টানী পথটোৰ কুশতলি অঞ্চলৰ সোণডোবা দলঙৰ সমীপত তথা গড়কাপ্তানি পথটোৰ নিচেই কাষতে আৰ কে কনষ্ট্ৰাকশ্বন নামৰ পথ নিৰ্মাণকাৰী কোম্পানীটোৱে এটা উপ পথ নিৰ্মাণৰ বাবদ অবৈধভাৱে মাটি কাটে। প্ৰণিধানযোগ্য যে বগলীপাৰা – মৰিগাঁও সংযোগী মূল গড়কাপ্টানী পথটোৰ সোণডোবা দলঙৰ মূৰৰ পৰা পশ্চিম দিশলৈ যোৱা এটা উপ পথ উক্ত পথ নিৰ্মাণকাৰী কোম্পানীটোৱে গড়কাপ্টানী পথৰ মাটি কাটি নিৰ্মাণ কৰিছে।ইফালে পথ নিৰ্মাণকাৰী কোম্পানীটোৰ এনে কাৰ্য দেখি অঞ্চলবাসী ক্ষুব্ধ হৈ পৰে।আনহাতে এই সন্দৰ্ভত পথ নিৰ্মাণকাৰী কোম্পানীটোৰ কৰ্মচাৰীক স্থানীয় লোকে মাটি কাটিবলৈ বাধা কৰাত মৰিগাঁও লোকনিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাই উক্ত ঠাইত মাটি কাটিবলৈ অনুমতি দিয়া বুলি কয়।পিছত বিভাগটোৰ এনে কাৰ্যত অতিষ্ঠ হৈ স্থানীয় একাংশ লোকে উক্ত ঠাইত পথ নিৰ্মাণকাৰী কোম্পানীটোক মাটি কাটিবলৈ বন্ধ কৰি দিয়ে।আশ্চৰ্যকৰ বিষয় যে উক্ত গড়কাপ্তানি পথটোৰ লাউভূৰুঙ্গা চাৰিআলিৰ পৰা বগলীপাৰালৈকে নিৰ্মাণ কৰা পথচোৱাত আৰ কে কনষ্ট্ৰাকশ্বন নামৰ পথ নিৰ্মাণকাৰী কোম্পানীটোৱে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছে যদিও মৰিগাঁও লোকনিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তা সকলে কিন্তু পথ নিৰ্মাণকাৰী কোম্পানীটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।ইয়াৰ পিছত পুনৰ সেই পথটোৰে নিচেই কাষতে মাটি কাটি উপ পথ নিৰ্মাণ কৰাত এতিয়া পথ নিৰ্মাণকাৰী কোম্পানীটোৰ লগতে মৰিগাঁও লোকনিৰ্মাণ বিভাগটোৰ বিৰুদ্ধে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠিছে।আনহাতে এই সন্দৰ্ভত স্থানীয় লোক সকলে জিলা উপায়ুক্ত গৰাকীৰ জৰিয়তে এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনাইছে।
প্ৰেৰক আবুল কালাম