অবৈধ বিদেশীক গঁতিয়াই উলিয়াই দিয়াৰ দায়িত্ব প্রতিজন বিজেপি কর্মকর্তাৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ আজি ডিমৰীয়াৰ তেতেলীয়াত ডিমৰীয়াৰ ছয় সমষ্টি ক্রমে ২৬নং ডিমৰীয়া সমষ্টিৰ প্রার্থী মিলেশ্বৰ দেউৰী, ৩২নং ডিগাৰু সমষ্টিৰ জবা ইংতি, ৩৩নং ক্ষেত্রী সমষ্টিৰ দিব্যলতা বৈশ্য, ৩৪নং সোণাপুৰ সমষ্টিৰ পৰেশ ৰাহাং, ৩৫নং আম্প্রী সমষ্টিৰ ভৱেশ কাঠাৰ আৰু ৩৬নং ফংআৰি সমষ্টিৰ প্রার্থী টিকেন বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ চলোৱাৰ উদ্দেশ্যে এখন বিশাল নির্বাচনী সভাত ভাগ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিজেপিৰ অসম ৰাজ্যিকৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটা, কণ্ঠশিল্পী বিদ্যাসাগৰ, চাজন নায়ক, অভিনেতা যতীন বৰাকে প্রমুখ্য কৰি কেইবাগৰাকী বিজেপিৰ নেতা৷ সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণত কয় যে বিজেপি হ’ল উন্নয়নৰ দল শাসনৰ কাৰণে ক্ষমতা নহয় উন্নয়নৰ স্বার্থতহে বিজেপি দল শাসনলৈ আহে৷ পূর্বে কংগ্রেছ চৰকাৰৰ শাসনৰ দিনত সাধাৰণ জনতাক ইটো দিম সিটো দিম বুলি প্রলোভন দিছিল যদিও কিন্তু উন্নয়নৰ নামত কংগ্রেছ বিফল৷ ভাষণত ৰঞ্জিত দাসে আৰু কয় যে ভাষা সংস্কৃতিৰ ওপৰত আমাৰ চৰকাৰে বহু কাম কৰিছে য’ত বিদ্যালয়সমূহত দশম শ্রেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে ব্যৱস্থা গ্রহণ হৈছে৷ লগতে এন আৰ চি প্রসংগত কয় যে এখন বিদেশীমুক্ত অসম তথা ভাৰত গঠন কৰাৰ ক্ষেত্রত বিজেপি চৰকাৰে গুৰুত্ব প্রদান কৰাই নহয় এটা এটা বিদেশীক গঁতিয়াই বাহিৰ কৰা দায়িত্ব প্রতিজন বিজেপিৰ কর্মকর্তাৰ৷ আনহাতে, বর্তমানৰ বিজেপি চৰকাৰৰ দিনতে সত্র তথা অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ কথাও উল্লেখ কৰে৷ লগতে ৰাজ্যৰ ডেৰ লাখ ভূমিহীন খিলঞ্জীয়াক ভূমিৰ পট্টা প্রদান কৰি জাতিটোক সুৰক্ষা প্রদান কৰা বুলি কয়৷ লগতে আগন্তুক তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৩৬খন আসনৰ ভিতৰত অতি কমেও ত্রিশখন আসন দখল কৰি পৰিষদ গঠন কৰিব বুলি উক্ত সভাতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰে৷