নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অবৈধ লোহাৰ ডেম্পত চলিছে চিচা ভঙা মেচিন

🟢ভঙা চিচাৰ গুৰিয়ে আৱাসিক এলেকাত সংঘটিত কৰিছে ভয়ংকৰ দুৰ্ঘটনা

🟢বতাহত উৰি অহা চিচাৰ গুৰিয়ে ক্ষতি কৰিছে চকু

🟢আক্ৰান্ত শিশুৰ লগতে বৃদ্ধসহ বহুজন

🟢নিয়মিত প্লাষ্টিক জ্বলাই সৃষ্টি কৰিছে ভয়ংকৰ প্ৰদূষণ

🟢নিৰ্বিকাৰ জিলা প্ৰশাসন- প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড

নিয়মীয়া বাৰ্তা, ২১ জুলাই : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পোন জান পথৰ কাষত অৱস্থিত এটা অৱৈধ লোহাৰ ডেম্পত নীতি বৰ্হিভূত ভাৱে স্থাপন কৰা এটা এটা চিচা গুৰি কৰা গধুৰ যন্ত্ৰই সমগ্ৰ অঞ্চলটোতেই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷দিনৰ পোহৰত কোনো ধৰণৰ সুৰক্ষা বেষ্টনী নোহোৱাকৈ আৱাসীক এলেকাত স্থাপন কৰা চিচা গুৰি কৰা মেচিনটোৰ পৰা নিৰ্গত চিচাৰ গুৰিয়ে আৱাসীক এলেকাৰ ৰাইজৰ ব্যাপক ক্ষতি সাধন কৰাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷আন নালাগে বতাহত উৰি অহা চিচাৰ গুৰিয়ে জনবসতিপুৰ্ণ অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ সদস্য সকল চকুৰ ৰোগৰ লগতে আন জটিল ৰোগত আক্ৰান্ত হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ইতিমধ্যে বে- আইনী ভাৱে গঢ়ি উঠা অৱৈধ লোহাৰ ডেম্পটোত স্থাপন কৰা চিচা গুৰি কৰা মেচিনটোৰ পৰা নিৰ্গত বিষাক্ত গুৰি চিচাই অঞ্চলবাসীক সৃষ্টি কৰা ক্ষতিৰ সন্দৰ্ভদ বহু পৰিয়ালে প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বৰ্ড, জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে ৷কিন্তু দুৰ্ভাগ্যজনক ভাৱে ওলোতাই অৱৈধ গোদাম স্থাপন কৰা কাচিম নামৰ সন্দেহজনক নাগৰিকজনেই এতিয়া অভিযোগ দাখিল কৰা ভূক্তভোগীক আৰক্ষী প্ৰশাসনৰ হতুৱাই আক্ৰোশমূলক ভাৱে হাৰাশাস্ত্ৰি কৰাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷উল্লেখ্য যে, বিগত এটা দশকত শিৱসাগৰৰ জেঙনিকটীয়া, বাই পাছ, বনীয়াবাৰীকে ধৰি কেইবাটাও স্থানত অৱৈধ লোহাৰ ডেম্প স্থাপন কৰি বহু বিতৰ্কীত কাৰ্য্যকলাপত জড়িত থকাৰ অভিযোগত নাম সাঙোৰ খাই পৰা কাচিম নামৰ চোৰাং ব্যৱসায়ীটোৱে শেহতীয়াকৈ নগৰৰ সমীপৰ পোনজান পথত স্থাপন কৰিছে এই বৃহত অৱৈধ লোহাৰ গোদামটো ৷জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ সাতশ মিটাৰ নিলগত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত লোহাৰ ডেম্পটো বৰ্তমান সময়ত একাংশ অসামাজিক কাৰ্য্যকলাপত জড়িত দুধৰ্ষ সন্দেহজনক নাগৰিকৰ আৱাসস্থলী হৈ পৰিছে ৷মূখ্যৰ শূণ্য সহনশীল নীতিক ভৰিৰে মোহাৰি আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতেই কূখ্যাত কাচিমে আৱাসীক এলেকাত থকা ডেম্পটোত শ শ কেজিৰ প্লাষ্টিকৰ কেবোল জ্বলাই ভয়াৱহ ৰূপত পৰিৱেশ প্ৰদূৰ্ষণ কৰি আহিছে ৷ৰহস্যজনক ভাৱে নিশাৰ অন্ধকাৰত অজ্ঞাত স্থানৰ পৰা কঢ়িয়াই অনা প্লাষ্টিকৰ কেবোল সমুহ দিনৰ ভাগত জ্বলাই অহাৰ ফলত সমগ্ৰ অঞ্চলটো ক’লা ধোৱাই আৱৰি এক অৱৰ্নণীয় পৰিৱেশৰ সৃষ্টি কৰিছে ৷জ্বলা প্লাষ্টিকৰ পৰা নিৰ্গত ক’লা ধোৱা আৰু উৎকৰ্ট গোন্ধে আৱাসীক অঞ্চলৰ ৰাইজে শ্বাহ- প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে ৷আনহাতে এফালে প্লাষ্টিক জ্বলোৱা ক’লা ধোৱাই আৱাসীক এলেকা আগুৰি ধৰাৰ সময়তেই কাচিমৰ গোদামত অনূৰূপ ধৰণে চলা চিচা গুৰি কৰা মেচিনটোৱে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷চকুৰ ৰোগৰ লগতে জটিল ৰোগত আক্ৰান্ত ভূক্তভোগী স্থানীয় ৰাইজে এই সন্দৰ্ভদ কাচিম নামৰ ডেম্প ব্যৱসায়ীটোক অভিযোগ দিলেই ওলোতাই কাচিমে স্থানীয় ৰাইজক আৰক্ষীৰ ভয় দেখুৱাই ভাবুকি প্ৰদাণ কৰি আহিছে ৷পৰিণতিত উপায়ন্তৰ হৈ ৰাইজে যোৱা ১৫ জুলাই তাৰিখে জিলা আৰক্ষী অধীক্ষক- প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগক লিখিত আকাৰত স্থানীয় ৰাইজে অভিযোগ দাখিল কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল ৷জিলা উপায়ুক্তলৈও ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা স্থানীয় ভূক্ত ভোগী ৰাইজক এই বাতৰি প্ৰেৰণ কৰা লৈকে প্ৰশাসন- আৰক্ষী বিভাগৰ তৰফৰ ন্যায় প্ৰদাণ কৰাৰ পৰিৱৰ্তে আজি নিশা ভূক্তভোগীকহে আৰক্ষীয়ে থানালৈ তলব কৰাৰ ঘটনাই তুমূল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷সচেতন মহলে শীঘ্ৰে আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ নাতিদূৰৈত চলি থকা কাচিমৰ অৱৈধ পৰিৱেশ ধংস যজ্ঞ লোহাৰ গোদাম – চিচা গুৰি কৰা মেচিন উৎখাত কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like