🔴 চৰকাৰী ৰাজহ ফাঁকি দি কাৰ জেপলৈ মাহেকৰ তিনি-চাৰি লাখ ?
নিয়মীয়া বাৰ্তা, ৩১ জুলাই : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত সম্প্ৰতি পোহৰলৈ আহিছে লাখ লাখ টকাৰ বালিৰ ছিণ্ডিকেট | অৰ্ধশতাধিক অবৈধ বালি কঢ়িওৱা নাৱৰ পৰা মাহেকত তিনিৰ পৰা পাঁচ হাজাৰ টকা পৰ্যন্ত আদায় লৈ প্ৰতি মাহে তিনি-চাৰি লাখ টকা অবাধে ঘটি বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে কোৰোণাৰে ধন ঘটিবলৈ লোৱাৰ চৰ্চা চলিছে | প্ৰাপ্ত তথ্য অনুসৰি, নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ নগৰবেৰা, ভখুৰাদিয়া, টুপামাৰী, ৰংঙ্গেশ্বৰী, পাহাৰপাৰা, জামলাই, মন্দিৰা, মালিৱাৰী, বিদ্যানগৰ, চেনীমাৰা, ছমৰীয়া, চাকলা আদি অঞ্চলত একাংশ বালি মাফিয়াৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা অবৈধ বালিৰ ছিণ্ডিকেট চলি আহিছে | নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ জ্ঞাতসাৰে উল্লেখিত অঞ্চলৰ কেইবাটাও বালি মাফিয়া চক্ৰই অতি কৌশলেৰে দিনে-নিশাই দীৰ্ঘদিনৰ পৰা জলজলী নদীপথেৰে বালি যন্ত্ৰচালিত নাৱেৰে উল্লেখিত অঞ্চলৰ উপৰি দক্ষিণ বৰপেটাৰ কেইবাটাও অঞ্চললৈ সৰবৰাহ কৰি আহিছে যদিও সকলো দেখি-শুনিও চকু মুদা কুলিৰ ৰূপত আছে নগৰবেৰা বনাঞ্চলিক বিষয়া শিৱাশিষ শাণ্ডিল্য ৷ দিনৰ উপৰি দুপৰ নিশাৰ পৰা পুৱতি নিশা পৰ্যন্ত ছমৰীয়া, মন্দিৰা আৰু মালিৱাৰীৰ জলজলী নৈ আৰু প্ৰতিবেশী গোৱালপাৰাৰ মৰনৈ নদী, পদূপাৰা নৈৰ পৰা হাজিৰা শ্ৰমিকৰ লগতে আধুনিক বালি খনন কৰা যন্ত্ৰচালিত মেচিন, ভুটভুটি মেচিনৰ সহায়ত অবৈধভাৱে বালি উঠাই প্ৰথমে নৈৰ পাৰত দ’ম কৰে আৰু উল্লেখিত ঠাইৰ পৰা নম্বৰবিহীন ট্ৰেক্টৰ, বিভিন্ন ধৰণৰ চাৰিচকীয়া বাহন, যন্ত্ৰচালিত নাৱেৰে নদী আৰু স্থলপথেৰে নগৰবেৰাৰ উপৰি আলোপতি-মাজৰচৰ ঘাট (ৰাসমৈদান), লোকনাথ মন্দিৰ ঘাট (নগৰবেৰা নিউ মাৰ্কেট), মণ্ডল পাৰা ঘাট, ভখুৰাদিয়া সোমবৰীয়া বজাৰ ঘাট, ভখুৰাদিয়া কদমতলী ঘাট, পাহাৰপাৰা ঘাট, মেধিপাৰা কালীমন্দিৰ ঘাট, মালিৱাৰী জলজলী ঘাট, নিছিলামাৰী সত্ৰ ঘাট, জামলাই ঘাট, মছলেম চাৰিআলি ঘাট, কাটাখাল ঘাট, ছমৰীয়া সত্ৰ ঘাট, ছমৰীয়া পাম ঘাট, ছমৰীয়া তিনিআলি চ’ক ঘাট, চাকলা পাৰঘাট, ২নং চাকলা ঘাটত বালিৰ প্ৰকাণ্ড প্ৰকাণ্ড দ’ম কৰি পৰৱৰ্তী সময়ত পুনৰ যন্ত্ৰচালিত নাঁও আৰু ট্ৰেক্টৰ কিম্বা বিভিন্ন চাৰিচকীয়া বাহনেৰে দিনে-নিশাই নগৰবেৰা আৰু ইয়াৰ পাৰ্শ্বৱতী উল্লেখিত অঞ্চলৰ উপৰি বিভিন্ন অঞ্চলত ৰঙা বালিৰ ৰমৰমীয়া অবাধ বেহা চলাই আছে বালি মাফিয়া চক্ৰটোৱে ৷ এক বিশ্বাসযোগ্য সূত্ৰই জানিবলৈ দিয়া মতে, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন বিভিন্ন অঞ্চলৰ প্ৰায় ৭৫খন অবৈধ বালি কঢ়িওৱা যন্ত্ৰচালিত নাৱৰ পৰা নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মাহিলি তিনিৰ পৰা পাঁচ হাজাৰ টকাকৈ সংগ্ৰহ কৰি এনে অবৈধ বালিৰ অবাধ বেহাত বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে সহায় কৰা বুলিও চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ৷ তেনেস্থলত তিনিৰ পৰা পাঁচ হাজাৰকৈ প্ৰতিখনত হ’লেও মাহেকত দুই লক্ষাধিক টকা একমাত্ৰ বালিৰ পৰাই আদায় হয় বনাঞ্চলিক কাৰ্যালয়ত | সমান্তৰালকৈ অবৈধ জেচিবি আৰু ট্ৰেক্টৰৰে মাল কঢ়িওৱা ,মাটি খনন আদিৰ হিচাপতো আছেই | প্ৰশ্ন হয়- কোনে সংগ্ৰহ কৰে এই মোটা অংকৰ মাহিলি পুঁজি ? দীৰ্ঘদিনৰ পৰা নগৰবেৰাৰ উল্লেখিত অঞ্চলৰ সোঁৱে-বাঁৱে চলি থকা শিল, ৰঙা বালি, বগা বালি, চোৰাং কাঠৰ অবৈধ বেহাৰ বিৰুদ্ধে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰীক অভিযোগ দিলেও অবৈধ বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি মাহিলি কমিছনৰ বাবেই সকলোকে টেলিফোনযোগে সজাগ আৰু সতৰ্ক কৰি দিয়াৰ লগতে ওলোটাই অভিযোগকাৰীক সময়ত ভয়-ভাবুকি দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ স্মৰ্তব্য যে নিশাৰ ভাগত নদীপথৰে প্ৰায়ে গোৱালপাৰাৰ নৱাগত শিমলীতোলাৰ পৰা মালিবাৰী আৰু মালিবাৰীৰ পৰা শিমলীতোলালৈ চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি আছে যদিও মাহিলি কমিছন আদায় লোৱাৰ বাবেই ব্যৱস্থা গ্ৰহণ কৰা দূৰৰে কথা, নদীপথত পহৰা দিয়া নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে সকলো দেখিও চকু মুদা কুলিৰ ভাও লোৱা বুলি চৰ্চা চলিছে | নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ চৰকাৰী দৰমহাৰ উপৰি এনে মাহিলি অংকৰ বাবেই ৰাজ্য চৰকাৰে মোটা অংকৰ ৰাজহৰ পৰা দীৰ্ঘদিনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷ শীঘ্ৰে নগৰবেৰাৰ বিভিন্ন স্থানত চলি থকা এনে অবৈধ বালি, শিল, চোৰাং কাঠৰ অবাধ বেহা বন্ধ কৰাৰ লগতে অবৈধ বেহাৰ সৈতে জড়িত থকাসকলৰ উপৰি বন বিভাগৰ কৰ্মী হৈ অবৈধ বেহাত সহায় কৰাসকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস