নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ  নৰ্থ কামৰূপ বেতবাৰী হাইস্কুলত “বেটী বচাও, বেটী পঢ়াও” কাৰ্যসূচী ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ১০ মে’: বাক্সা জিলাৰ বেতবাৰীস্থিত নৰ্থ কামৰূপ বেতবাৰী হাইস্কুলত আজি (১০ মে’) সশস্ত্ৰ সীমা বল ( এছ এছ বি)ৰ ২৭ বি বেটেলিয়ন, হাউলীৰ ৰাবাং বড়ো বজাৰ শিবিৰৰ জোৱানসকলে ভাৰত চৰকাৰৰ “বেটী বচাও, বেটী পঢ়াও” কাৰ্যসূচী ৰূপায়ন কৰে।বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত এই অনুষ্ঠানত এছ এছ বিৰ ৰাবাং বড়ো বজাৰ শিবিৰৰ পৰিদৰ্শক শ্যামল বিশ্বাসে বক্তব্য আগবঢ়াই কয় যে ল’ ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই । ছোৱালী সকলো ল’ৰাৰ সমানে সমানে আগবাঢ়ি গৈছে। অলিম্পিকৰ দৰে খেলত মেডেল লাভ কৰি স্বপ্ৰতিভাৰে ছোৱালী সন্তানে উজলি উঠিবলৈ সক্ষম হৈছে। অতীতত ভ্ৰুণৰ লিংগ নিৰ্দ্ধাৰণেৰে ছোৱালী বুলি জানিলেই ভ্ৰুণ হত্যা কৰি ভৱিষ্যতৰ সম্ভাৱনাক হত্যা কৰি পেলোৱাৰ দৰে জঘন্য ঘটনা কিছুমান সমাজত সংঘটিত হৈছিল। অৱশ্যে এনে জঘন্য ঘটনা শিক্ষাৰ প্ৰসাৰৰ লগে লগে ক্ৰমাৎ অৱসান হৈছে। প্ৰধান শিক্ষক আগৌমা ব্ৰহ্ময়ো বিষয়বস্তুৰ ওপৰত বড়ো ভাষাত বক্তব্য আগবঢ়ায়।

প্ৰেৰক দিগন্ত দাস

You might also like