নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা আহ্বানৰ প্রতি ব্যাপক সঁহাৰি জনাই প্লাজমা দান কৰিবলৈ আগ্রহ প্রকাশ কৰা লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ মন্ত্রী ড০ শর্মাৰ আহ্বানৰ প্রতি সঁহাৰিৰে ১,২৩৭জন লোকে ২৪ ঘণ্টাত ৯০ সহস্রাধিক লোক এই ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে৷ অর্থাৎ বিশ্বৰ ক’ভিড সংক্রমণৰ সকলো হাৰ অতিক্রম কৰিছে শেহতীয়াকৈ ভাৰতে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত ৯০,৬৬৩গৰাকী লোক ক’ভিড মহামাৰীত নতুনকৈ আক্রান্ত হৈছে৷ ইফালে, দেশখনত মুঠ ক’ভিড সংক্রমিত লোকৰ সংখ্যা ৪১,৬০,৪৯৩লৈ বৃদ্ধি পাইছে৷ তালিকাত ব্রাজিলক অতিক্রম কৰি ভাৰত এতিয়া ক’ভিডৰ ভয়াৱহতা সৃষ্টি হোৱা দেশ হিচাপে দ্বিতীয় স্থানত আছে৷ ইফালে, দেশখনত এই মহামাৰীত প্রাণ হেৰুৱাইছে ৭১,১২০গৰাকী লোকে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি বর্তমান দেশখনত ৮,৬২,৩২০গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ইতিমধ্যে সুস্থ হৈ উঠিছে ৩১,৮০,৮৬৬গৰাকী৷ মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, অসম আদি ৰাজ্যত ক’ভিড সংক্রমণৰ হাৰ অধিক দ্রুতগতিত বৃদ্ধি পাইছে৷ ইফালে, বিশ্বজুৰি ক’ভিড সংক্রমিত লোকৰ সংখ্যা ২,৭১,৫৪,১২৭গৰাকীলৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে সমগ্র বিশ্বত এই মহামাৰীত প্রাণ হেৰুৱাইছে ৮,৮৫,০১৭গৰাকী লোকে৷ তালিকাত প্রথম স্থানত থকা আমেৰিকাত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৬৪,৩৮,১৭৫গৰাকী৷ দেশখনত এতিয়ালৈকে মাৰাত্মক মহামাৰীত প্রাণ হেৰুৱাইছে ১,৯২,৯৩৮গৰাকী লোকে৷ লক্ষণীয়ভাৱে তৃতীয় স্থানত থকা ব্রাজিলত ক’ভিড সংক্রমিত লোকৰ সংখ্যা ৪১,২৩,০০০লৈ বৃদ্ধি পাইছে৷ দেশখনত এতিয়ালৈকে ক’ভিড–১৯এ প্রাণ কাঢ়িছে ১,২৬,২৩০গৰাকী লোকৰ৷