নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁট চৰকাৰৰ কার্যকালত এটাও গোষ্ঠীগত সংঘাত হোৱা নাই

তিনিচুকীয়াত জিলা সোণোৱাল কছাৰী ছাত্র সন্থাৰ অধিৱেশনত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ‘বিজেপি মিত্রজোঁট চৰকাৰখনে সকলোৰে বিকাশৰ কাম কৰিছেছা৷ সফলতা, শান্তি, অভিজ্ঞতা পাইছেছা৷ আমাৰ চৰকাৰৰ কার্যকালত এটাও গোষ্ঠীগত সংঘর্ষ হোৱা নাই৷ প্রশাসন যন্ত্রটো দুর্নীতিমুক্ত হৈছে৷ মেধাৰ ভিত্তিত চাকৰি পাইছে৷ পূর্বতে টকা দিলেহে চাকৰি পাইছিল৷ টকা–পইচা থকা প্রার্থীয়েহে চাকৰি পাবলৈ সক্ষম হৈছিল৷ বিজেপি দলে শাসনভাৰ লোৱৰ পাছত এ পি এছ চিক দুর্নীতিমুক্ত কৰা হ’ল৷ এই চৰকাৰৰ দিনতে প্রদূষণমুক্ত অসম গঢ়ি তোলা হৈছে৷ গছ থাকিলেহে মানুহ থাকিব৷ পূর্বৰ চৰকাৰৰ অশুভ পৰম্পৰা দূৰ কৰা হৈছে৷ অসমত ফল–ফুল, ঔষধি গছ ৰোপণৰ ব্যৱস্থা লোৱা হ’ল৷ কাজিৰঙাৰ গঁড নিধন ৰোধ কৰা হ’ল৷ মানাসত বাঘৰ সংখ্যা বৃদ্ধি হ’ল৷ জলবায়ু প্রদূষণমুক্ত অসম গঢ়ি তোলা হৈছে৷ সন্ত্রাসবাদৰ মুক্ত অসম গঢ়ি তোলা হৈছে৷ বহু সন্ত্রাসবাদীক মূলপথলৈ ঘূৰাই অনা হ’ল৷ বিজেপি চৰকাৰৰ দিনতে অসমত বিশ্ব বিনিয়োগ সন্মিলন হৈছিল৷ সীমান্তত কাঁইটীয়া তাঁৰ আৰু ব্রহ্মপুত্রৰ পাৰত হাইৱে’ পথ নির্মাণৰ সিদ্ধান্ত লোৱা হ’ল৷ বিজেপি থকালৈকে অসমৰ জাতি–জনগোষ্ঠী সুৰক্ষিত হৈ থাকিব৷ ১৯৫২ চনৰ পাছত কোনো এখন চৰকাৰে মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰা নাছিল৷ বিজেপি শাসনত অহাৰ পাছতে অসমৰ লক্ষাধিক লোকক মাটিৰ পট্টা দিবলৈ সক্ষম হ’লোঁ৷

অসমৰ জাতি গঠন প্রক্রিয়াত সোণোৱাল কছাৰীসকলৰ ভূমিকা অপৰিহার্য৷ অসমৰ সংকটৰ সময়ত ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ লগতে সোণোৱাল কছাৰী জনগোষ্ঠীয়েও সেৱা আগবঢ়াই আহিছে৷’ –এই বক্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ কালিৰে পৰা দুদিনীয়া কার্যসূচীৰ তিনিচুকীয়া জিলাৰ বিহিয়া গাঁওস্থিত প্রয়াত দণ্ডিধৰ ফাটোৱালী সমন্বয় ক্ষেত্রত অনুষ্ঠিত হোৱা সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ ষষ্ঠ দ্বি–বার্ষিক অধিৱেশনৰ আজি মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকি এই বক্তব্য প্রদান কৰে৷ তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি বিদ্যুৎ সোণোৱালে সভাপতিত্ব কৰা আৰু শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্র সন্থাৰ এই ষষ্ঠ দ্বি–বার্ষিক অধিৱেশন অভ্যর্থনা সমিতিৰ সভাপতি বলিন চেতিয়াই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই মুকলি সভাত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ প্রদান বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দিপুৰঞ্জন মাক্রাৰী, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি পুলক গোহঁাই, সদৌ অসম সোণোৱাল ছাত্র সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সদৌ অসম কল্যাণ সংঘৰ সভাপতি ভুবন চন্দ্র সোণোৱাল, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, বিশিষ্ট সমাজসেৱক বনামালী সোণোৱালকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে আজিৰ এই মুকলি সভাতে তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্র সন্থাই সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্রাক্তন মজিন্দাৰ প্রমোন সোণোৱালক বিশেষভাৱে সম্বর্ধনা জনায়৷ আনহাতে, লক্ষণীয় বিষয় যে সৌসিদিনা আৰক্ষী বিষয়াক চৰিয়াই বিজেপি দলৰ পৰা বহিষ্কাৰ হোৱা আৰু আৰক্ষীয়েও বিচাৰি নোপোৱা ৰাজ্যিক বিজেপিৰ প্রাক্তন কার্যনির্বাহক সদস্যা দীপাঞ্জলি কাকতিক আজি মুখ্যমন্ত্রী আগমনক কেন্দ্র কৰি বিজেপি কর্মীৰ লগত ওতপ্রোতভাৱে জডিত থকা দেখা গ’ল৷

You might also like