নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ শাসনত অসম অন্ধকাৰত ডুবি আছিল

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ কংগ্রেছৰ শাসনকালত বিগত ১৯৫২ চনৰ পৰা ৬০ বছৰ অসমখন অন্ধকাৰত আছিল৷ অসমত পর্যাপ্ত পৰিমাণে সম্পদ–সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যখনক আগুৱাই নিয়াৰ পদক্ষেপ কংগ্রেছ চৰকাৰে গ্রহণ নকৰিলে৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক অ’ বি চি মর্চাৰ কার্যনির্বাহক সভাৰ অন্তিম দিনাৰ কার্যসূচীত ভাষণ প্রসংগত বিগত কংগ্রেছ চৰকাৰক তীব্র সমালোচনা কৰি স্বাধীনতাৰ অধিককাল শাসন কৰাৰ পাছতো কংগ্রেছৰ অৱহেলাৰ বাবে ৰাজ্যখন আগুৱাই নিয়াত সফল হ’ব নোৱাৰিলে বুলি কৈ বিজেপিৰ মিত্রজোঁট চৰকাৰে বিগত চাৰে চাৰি বছৰতে চমকপ্রদ সফলতা লাভ কৰা বুলি কয়৷ মুখ্যমন্ত্রীয়ে ১৯৮৫ চনৰ পুৱতিনিশা স্বাক্ষৰ কৰা অসম চুক্তিত অসমক বিদেশীমুক্ত কৰি অসমীয়া ভূমিপুত্রক মর্যাদা সহকাৰে জীয়াই থকাৰ বাবে বহুকেইটা দফাত প্রতিশ্রুতি দিয়া হৈছিল বুলি উল্লেখ কৰি চুক্তিৰ হূৎপিণ্ড ৬নং দফাৰ ক্ষেত্রত নূ্যনতম আলোচনাৰ বিষয় হিচাপে গণ্য নকৰা বুলি কংগ্রেছক সমালোচনা কৰি কংগ্রেছ চৰকাৰে বিদেশীমুক্ত অসম নির্মাণৰ দূৰতে থাকি বিগত ৩৫টা বছৰ উকলি যোৱাৰ পাছতো ৬নং দফাৰ ক্ষেত্রত কমিটীয়েই গঠন নহ’ল বুলি কটাক্ষ কৰি বিজেপি চৰকাৰে এইক্ষেত্রত কমিটী গঠন কৰি ইয়াৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰাৰ পাছত বর্তমান উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ দ্বাৰা পৰীক্ষা কৰি থকা বুলিও কয়৷ তদুপৰি আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰৰ বাবে ভূমিপুত্র অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হেতু বিজেপি চৰকাৰে পদক্ষেপ গ্রহণ কৰি ভূমিহীন কৃষকক মাটিৰ পট্টা প্রদান কৰা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰি মটিৰ ওপৰত অধিকাৰ প্রদান কৰাৰ কথা দোহাৰি আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত পুনৰ এক লাখ ভূমিহীনক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ সভাত উপস্থিত থকা ৰাজহমন্ত্রী যোগেন মহনক আহ্বান জনায়৷ বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, মন্ত্রী নৱ কুমাৰ দলে, সাংসদ প্রদান বৰুৱা, কামাখ্যাপ্রসাদ তাছা, তপন গগৈ, পল্লৱলোচন দাস আদি বহুকেইজন বিধায়ক–নেতা উপস্থিত থকা সভাত মুখ্যমন্ত্রীয়ে নুমলীগড় শোধনাগাৰ পুনৰুজ্জীৱিতৰ বাবে কেন্দ্রীয় চৰকাৰে ২৩ হাজাৰ কোটি টকা, বঙাইগাঁও শোধনাগাৰৰ বাবে ১০ হাজাৰ কোটি, যোগীঘোপা কাগজ কলৰ পূর্বৰ প্রস্তাৱিত তিনিশ কোটিৰ পৰিৱর্তে কৃষি আমদানি ৰপ্তানিৰ বৃহৎ ক্ষেত্রৰ হেতু ভাৰত মালা আঁচনিৰ অধীনত মাল্টি মডেল লজিষ্টিক পার্ক নির্মাণৰ বাবে ৩ হাজাৰ কোটি টকা আবণ্টন জনোৱা বুলি কয়৷

You might also like