নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ কংগ্রেছৰে বহুচর্চিত মিত্রতা সন্দর্ভত প্রথমবাৰৰ বাবে মুখ খুলিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে৷ দীর্ঘ প্রায় ৭ মাহৰ অন্তত অসমত উপস্থিত হোৱা এ আই ইউ ডি এফৰ সভাপতি আজমলে শুকুৰবাৰে এই সন্দর্ভত নগাঁৱত সংবাদ মাধ্যমৰ আগত কেতবোৰ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ এ আই ইউ ডি এফৰ সভাপতিজনৰ এই মন্তব্যৰ পৰাই কংগ্রেছৰে মিত্রতাক লৈ তৎপৰতা অব্যাহত থকাটো পুনৰ স্পষ্ট হৈ পৰিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল কংগ্রেছৰে এ আই ইউ ডি এফৰ মিত্রতাত সম্পূর্ণ সন্মতি আছে সভাপতি আজমলৰ৷ তেওঁ কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ প্রক্রিয়া চলি আছে৷ বিজেপিক প্রতিহত কৰাৰ স্বার্থতে অসমত মহাজোঁট গঠনৰ প্রয়োজনীয়তা আহি পৰিছে৷ মহাজোঁট গঠনৰ প্রক্রিয়াটো সঠিক পথেৰে আগবাঢ়িছে আৰু কম সময়ৰ ভিতৰত এইক্ষেত্রত ৰাইজে ইতিবাচক খবৰ লাভ কৰিব৷ হাফিজ বছিৰ আহমেদ কাছিমী আমাৰ দলৰ মহাজোঁট গঠনৰ অধ্যক্ষ৷ আপোনালোকে জানে যে যোৱা ৭ মাহ ধৰি মই ইয়াত নাই৷ যি কৰি আছে, তেওঁলোকেই কৰি আছে৷ মোৰ অনুমতিতেই কৰি আছে৷ লক্ষণীয়ভাৱে সভাপতি আজমলৰ লগতে এ আই ইউ ডি এফ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীয়েও বিষয়টো সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে কংগ্রেছৰ কর্ণধাৰ সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে৷ আমি তেওঁলোকক আদৰণি জনাইছোঁ৷ মিত্রতা হোৱাৰ সিদ্ধান্ত ইতিমধ্যে গ্রহণ কৰা হৈছে৷ বাকী পর্যায়ৰ কাম পর্যায়ক্রমে সম্পন্ন হ’ব৷ ইফালে, সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰে এ আই ইউ ডি এফৰ সভাপতিজনে৷ তেওঁ কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীক উত্তৰ প্রদেশ আৰক্ষীয়ে কৰা ব্যৱহাৰক তীব্র গৰিহণা দিয়ে৷ এই প্রসংগত আজমলে কয় যে এনে কার্য অতি নিন্দনীয় আৰু সকলোৱে গৰিহণা দিয়া উচিত৷ হাথৰাছৰ ধর্ষণ কাণ্ডৰে জড়িতসকলক তেওঁ ফাঁচি দিয়াৰ পোষকতা কৰাৰ লগতে ইয়াৰ চি বি আই তদন্তৰ দাবী তোলে৷ আজমলৰ মতে ইয়াৰ অন্যথা বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিব৷ সম্প্রতি সমগ্র ৰাজ্য তোলপাৰ কৰি থকা অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলক লৈও প্রতিক্রিয়া ব্যক্ত কৰে এ আই ইউ ডি এফৰ সভাপতি আজমলে৷ তেওঁ কয়– মই দুদিন পূর্বে এই কার্যক নিন্দা কৰিছোঁ৷ ইয়াৰ লগত জড়িতসকলক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে আৰু লগতে ইয়াৰ চি বি আই তদন্ত হোৱা উচিত৷ উল্লেখ্য যে ইয়াৰ পূর্বে এ আই ইউ ডি এফৰ সভাপতি আজমলে ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পৰমাইভেটিস্থিত বাসভৱনত উপস্থিত হৈ তেওঁৰ প্রয়াত পিতৃ মুফতি খাইৰুল ইছলামৰ ‘কবৰ জিয়াৰ’ কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷