ভৱিষ্যতে ৰে’লৰ চেইন টানি পলালে বিষম হ’ব পৰিণতি
নিয়মীয়া বাৰ্তা, ৫ জুনঃ ভৱিষ্যতে অসমলৈ বহিঃৰাজ্যৰ পৰা আহিব খোজা লোকে যাতে হোজাই ৰে’ল ষ্টেচনত ৰে’লৰ চেইন টনাৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত নকৰে তাৰ বাবে অনুৰোধ জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ অন্যাথা তেনে লোকৰ ক্ষেত্রত আইপিচি ৩৩৬ বা তেনেধৰণৰ কঠোৰ ধাৰা প্রয়োগ কৰা হ’ব বুলি সকীয়নি প্রদান কৰে৷ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণৰ লগতে ক’ভিড–১৯ বিৰুদ্ধে চলি থকা যুঁজত আৰক্ষীৰ লগতে গাঁওৰক্ষী বাহিনীৰ ওপৰত বেছি গুৰুত্ব প্রদান কৰা বুলিও জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই৷
উল্লেখ্য যে বৃহস্পতিবাৰে হোজাই জিলা সদৰ লংকাৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত উপস্থিত হৈ এইদৰে অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ বিষয়ে অৱগত কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ উল্লেখ্য যে হোজাই জিলাৰ আইন পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয়হি আৰক্ষী সঞ্চালকপ্রধান গৰাকী৷ হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে আদৰণি জনোৱাৰ লগতে আৰক্ষীৰ দ্বাৰা কুচকাৱাজেৰে অভিবাদন জনোৱা হয় ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানজনক৷
উল্লেখ্য যে ২ জুনৰ নিশা হোজাইত ৰে’লযোগে মুম্বাইৰ পৰা আহি মেডিকেল পৰীক্ষা আৰু কোৱাৰেণ্টাইন হোৱাৰ পৰা ৰক্ষা পাবলৈ চেইন টানি পলায়নৰ চেষ্টা চলোৱা ৬১জন যাত্রীৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে ৩৭২/২০২০ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি269/270/271/336 read with section. 51(b) of Disaster management act ধাৰাত এটা গোচৰ ৰুজু কৰিছে৷ ভৱিষ্যতে যাতে কোনেও এনে সমাজবিৰোধী কার্য সংঘটিত নকৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ হোজাই আৰক্ষীক নির্দেশ প্রদান কৰিছে আৰক্ষী সঞ্চালকপ্রধানে৷
উল্লেখ্য যে অনুৰূপ ধৰণে হোজাই আৰপিএফেও ৬১জন যাত্রীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষী সঞ্চালকপ্রধানজনে জিলাখনৰ বিভিন্ন ব্যক্তিৰ সৈতে বার্তালাপ কৰাৰ লগতে জিলাখনৰ শীর্ষ আৰক্ষী বিষয়াৰ সৈতে এখন পর্যালোচনা সভাতো মিলিত হয়৷ তেওঁ লগত উপস্থিত থাকে ডি আই জি সত্যৰাজ হাজৰিকা আৰু আই জি পি হীৰেন নাথ৷