সোণাৰিৰ বৰহাটত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
বিশেষ বাৰ্তা, ১১ জুন: “বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত বৰ্তি থাকিবলৈ হ’লে আমাৰ শিশুসকল সুশিক্ষাৰে শিক্ষিত হ’ব লাগিব। শিশুসকল হ’ল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ এক সুস্থ পৰিৱেশ দিব লাগিব। এইক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।” আজি চৰাইদেউৰ সোণাৰি সমষ্টিৰ বৰহাটত দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই মন্তব্য কৰে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পুঁজিৰে নিৰ্মাণ কৰা নাহৰপুখুৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু নাৰেমপথাৰ ১ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, “অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰিৱেশ সুন্দৰ হ’লেহে শিশুসকল আকৰ্ষিত হ’ব। সেয়েহে, অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকেই এক আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে পৰিকল্পনা কৰিছে। প্ৰথম পৰ্যায়ত চৰাইদেউ জিলাৰ দুয়োটা সমষ্টিৰ প্ৰতিটোতে এঘাৰটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আৱন্টন লাভ কৰিছে। ইয়াৰে আঠটাকৈ কেন্দ্ৰ অতি কম সময়ৰ ভিতৰত মুকলি কৰি সোণাৰি সমষ্টিয়ে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।” সভাত সাপেখাতী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰণ্টু বৰুৱায়ো বক্তব্য প্ৰদান কৰে। পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা সভাকেইখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে। সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া মৌচুমী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়। আজি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধনী সভাত বৰুৱাছালি জিলা পৰিষদৰ সদস্য পূৰবী গগৈ দুৱৰা, সাপেখাতী আঞ্চলিক পৰিষদৰ সভাপতি বিপ্লব বৰুৱা, অধ্যাপক চুচন চুতীয়া, শিক্ষক ক্ৰমে শৰৎ চাংমাই, নিৰ্মল দাস, উপেন নেওগ আৰু কৰুণা পাল, বিশিষ্ট সমাজকৰ্মী ক্ৰমে কাজল দে, দেৱজিত হাজৰিকা, ৰূপম গগৈ, নৱজ্যোতি খনিকৰ, জয়ন্ত সোণোৱাল, চন্দন সোণোৱাল, মিলন গগৈ, দ্বীপন পাল, মনোজ শ্বাহ, ৰঞ্জিত গগৈ আৰু ৰাজু ধাদুমীয়া, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈ প্ৰমুখ্যে সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক অংগনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।
প্রেৰক: দীপাংকৰ পাল