নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : জোনাইৰ ২নং মূৰ্কংচেলেক সমষ্টিৰ অন্তৰ্গত নাহৰ জেলম গাঁৱৰ চিলে নদীৰ ওপৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০২২-২৩ বৰ্ষৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বাঁহৰ ওলোমা দলংখন বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে৷ উল্লেখ্য যে জোনাইৰ নাহৰ জেলম গাঁৱৰ চিলে নদীৰ ওপৰত নিৰ্মিত এখন জৰাজীৰ্ণ বাঁহৰ ওলোমা দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছিল কণ কণ ছাত্ৰ-ছাত্ৰীকে আদি কৰি শ শ পৰিয়ালে। যাৰ ফলত অঞ্চলটোৰ শ শ পৰিয়ালে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছিল যমৰ যাতনা। সেয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে বৃহস্পতিবাৰে নিৰ্মাণ কৰি উলিয়ায় চিলে নদীত এখন নতুন ওলোমা দলং। এই নতুনকৈ নিৰ্মাণ কৰা ওলোমা দলংখনে অঞ্চলটোৰ শ শ পৰিয়ালক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিব বুলি আশা কৰিছে অঞ্চলটোৰ ৰাইজে।
প্ৰেৰক কৰবী দলে