নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দ্রেশ্বৰ পেগু নমিতা ভট্টাচার্যলৈ শিল্পী বঁটা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ বিশিষ্ট সংগীত শিল্পী ইন্দ্রেশ্বৰ পেগু আৰু নমিতা ভট্টাচার্যক ২০২১ বর্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু গোলাঘাট জিলা প্রশাসনৰ সহযোগত অহা ১৭ জানুৱাৰীত গোলাঘাটৰ সমন্বয় ক্ষেত্রত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিল্পী দিৱস অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰিব৷ অনুষ্ঠানত কৃষি আৰু পশুপালন বিভাগৰ মন্ত্রী অতুল বৰা আৰু সাংস্কৃতিক পৰিক্রমা, গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু দেৰগাঁৱৰ বিধায়ক ভবেন ভৰালীসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব৷ অসম চৰকাৰে ১৯৯৯ চনৰ পৰা প্রতি বছৰে প্রদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্রশস্তি–পত্র আৰু এখন অংগবস্ত্র৷

উল্লেখ্য যে ১৯৫১ চনত জন্মগ্রহণ কৰা ইন্দ্রেশ্বৰ পেগুৱে ১৯৭৮ চনত আকাশবাণী ডিব্রুগড় কেন্দ্রৰ মিচিং গীতৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰে৷ ১৯৮৬ চনতে তেওঁ ‘মিকচি জিলি’ নামেৰে এটা লংপ্লেয়িং ৰেকর্ডৰ লগতে শ্রব্য কেছেট ‘গামিগ’, ‘মিগাং’ আৰু ‘হিটছ অৱ ইন্দ্রেশ্বৰ পেগু’ আদিত কণ্ঠদান কৰিছে৷ ১৯৯৩ চনত শিল্পীগৰাকীয়ে ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত চুটি ছবি ‘ছনছ অৱ আবুতানি ঃ দ্য মিচিংছ’ আৰু তথ্যচিত্র ‘শ্বহীদ কমলা মিৰি’ত অভিনয় কৰে৷ মিচিং ভাষাত নির্মিত প্রথমখন কথাছবি ‘মিগাম’ৰ চিত্রনাট্যকাৰ ইন্দ্রেশ্বৰ পেগুয়ে ডিব্রুগড় দূৰদর্শন কেন্দ্রৰ বাবে তথ্যচিত্র আৰু ‘ৰেডি’ ফিচাৰ’ৰো চিত্রনাট্য ৰচনা কৰিছে৷ পেগুৱে ৰচনা কৰা গ্রন্থকেইখন হৈছে ‘মিচিং সমাজ আৰু সংস্কৃতি’, ‘মিবু’ (উপন্যাস), ‘লুবিচুয়ে ঙ’ (মিচিং গীতৰ সংকলন) আৰু ‘নিতম দকছিৰি’ (মিচিং গীতৰ সংকলন), ‘শব্দবোৰ’ (কবিতা সংকলন), ‘মাতমৰাৰ কাবান’ (কবিতা সংকলন), ‘পৰিৱর্তনৰ আলি দোমোজাত মিচিং সমাজ’ (প্রবন্ধ), ‘লক্ষ্যত উপনীত নোহোৱালৈকে’ (প্রবন্ধ), ‘জীৱনৰ কথা সকলোকে ক’ব পাৰি’ (প্রবন্ধ) আদি৷

আনহাতে, ১৯৫৭ চনত জন্মগ্রহণ কৰা নমিতা ভট্টাচার্যৰ কণ্ঠৰ বহু শ্রুতিমধুৰ আধুনিক, লোকগীত আৰু শাস্ত্রীয় গীত বিগত চাৰি দশক ধৰি আকাশবাণী আৰু দূৰদর্শনযোগে সম্প্রচাৰিত হৈছে৷ অসমীয়া কথাছবি জগতৰ জনপ্রিয় নেপথ্য গায়িকাসকলৰ অন্যতম নমিতা ভট্টাচার্যই বর্তমানলৈকে ‘তৰামাই’, ‘মৰম’, ‘মৰমী’, ‘ৰাজা হৰিশ্চন্দ্র’, ‘কল্লোল’, ‘আশ্রয়’, ‘মানসী’, ‘মন আৰু মৰম’, ‘সাদৰী’, ‘ৰাজা’, ‘ঘৰ–সংসাৰ’, ‘সোণ মইনা’, ‘পূজা’, ‘অজলা ককাই’, ‘গুণ গুণ গানে গানে’, ‘সূর্যৰ প্রভাতী কিৰণ’, ‘স্নেহ বন্ধন’ আদি বহু অসমীয়া কথাছবিৰ গীতত কণ্ঠদান কৰিছে৷ ইয়াৰ উপৰি তেওঁ ‘স্বাগত স্বাগত সতীর্থ’, ‘বিশ্বৰ ছন্দে ছন্দে’, ‘সোণালী সময়’, ‘জানমণি’, ‘স্মৃতি’, ‘প্রতীক্ষা’ আদি এল পি ৰেকর্ড, শ্রব্য কেছেট আৰু চিডিৰ গীততো কণ্ঠদান কৰিছে৷ আনহাতে ১৯৯৯ চনত প্রচাৰ ভাৰতীৰ ‘বি–হাই’ শিল্পী ৰূপে স্বীকৃতি লাভ কৰে নমিতা ভট্টাচার্যই৷

You might also like