নিয়মীয়া বাৰ্তা, ৩০ জুনঃ লাডাখ সীমান্তত অব্যাহত থকা উত্তেজনাৰ সময়তে চীনৰ ৫৯টা ম’বাইল এপ নিষিদ্ধ কৰিলে ভাৰতে৷ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০জন জোৱান শ্বহীদ হোৱাৰ পাছত দেশজুৰি ৰঙা চীনৰ বিৰুদ্ধে বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে কেন্দ্রীয় চৰকাৰে ৫৯টা ম’বাইল এপ দেশত নিষিদ্ধ কৰিলে৷
ইয়াৰ জৰিয়তে অর্থনৈতিকভাৱেও চীনৰ বিৰুদ্ধে যুঁজ চলোৱাৰ ইংগিত দিলে নতুন দিল্লীয়ে৷ সীমান্তত চীনৰ আগ্রাসনৰ বিৰুদ্ধে ইয়াক ভাৰতৰ ‘টিট ফৰ টেট’ বুলি অভিহিত কৰা হৈছে৷ আনহাতে চীনৰ বিৰুদ্ধে ভাৰতৰ এই ডিজিটেল ষ্ট্রাইকত নিষিদ্ধ কৰা এপ্ কেইটাৰ ভিতৰত ভাৰতত অতি জনপ্রিয় টিকটকো আছে৷
দেশৰ নাগৰিকৰ গোপনীয়তা আৰু ডাটাৰ হৰলুকীক লৈ উদ্বিগ্ণ চৰকাৰে চীনৰ ম’বাইল এপ নিষিদ্ধ কৰি এক বিবৃতিত কয় যে তথ্য–প্রযুক্তি মন্ত্রালয়ে তথ্য–প্রযুক্তি আইনৰ ধাৰা ৬৯ (ক)ৰ অধীনত আৰু তথ্য–প্রযুক্তি (প্রচিডিউৰ এণ্ড ছেফগার্ড ফৰ ব্লকিং অৱ এছেছ অৱ ইনফৰমেচন বাই পাব্লিক) নীতি ২০০৯ৰ অধীনত চীনৰ ৫৯টা এপ নিষিদ্ধ কৰা হৈছে৷ প্রেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, এই এপত সন্নিৱিষ্ট হৈ থকা ডাটা আৰু গোপনীয়তাই বিপদ নমাই আনিব পাৰে বুলি বহুতেই অভিযোগ কৰিছে তথ্য–প্রযুক্তি মন্ত্রালয়ত৷ ভাৰতৰ যুৱ প্রজন্মৰ মাজত চীনৰ এপ টিকটক অতি জনপ্রিয়৷
চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রতকৈ অধিকে টিক্টক ভাৰতীয়ই ব্যৱহাৰ কৰে৷ ২০২০ৰ প্রথম ত্রৈমাসিকত বিশ্বত টিক্টকৰ ব্যৱহাৰকাৰীৰ সংখ্যা ১.৫ বিলিয়ন অতিক্রম কৰিছে৷ নিষিদ্ধ কৰা এপকেইটা হৈছে–
টিক্টক, শ্বেয়াৰইট, কাৱাই, ইউজি ব্রাউজাৰ, বাইডু মেপ, শ্বেইন, ক্লেছ অৱ কিংছ, ডি’ বেটাৰী ছেভাৰ, হেল্ল’, লাইকি, ইউকেম মেকআপ, এম আই কমিউনিটী, চি এম ব্রৱার্ছ, ভাইৰাছ ক্লীনাৰ, আপুছ ব্রাউজাৰ, ৰমৱে’, ক্লাব ফেক্টৰী, নিউজডগ, বিউট্রিপ্লাছ, উইচাট, ইউচি নিউজ, কিউকিউ মেইল, ৱেইব’, জেণ্ডাৰ, কিউকিউ মিউজিক, কিউকিউ নিউজফিড, বিগ’ লাইভ, ছেলফিচিটী, মেইল মাষ্টাৰ, পেৰেলেল স্পেচ, এম আই ভিডি’ কল জিয়’মি, উইচিংক, ইএছ ফাইল এক্সপ্লৰাৰ, ভিভা ভিডি’ কিউইউ ভিডি’ ইংক, মেইটু, ভিগ’ ভিডি’, নিউ ভিডি’ ষ্টেটাছ, ডি’ ৰেকর্ডাৰ, ভল্ট–হাইড, কেছে ক্লীনাৰ ডি ইউ এপ ষ্টুডি’, ডি ইউ ক্লীনাৰ, ডি ইউ ব্রাউজাৰ, হেগ’ প্লে উইথ নিউ ফ্রেইণ্ডছ, কেম স্কেনাৰ, ক্লীন মাষ্টাৰ চিটা ম’বাইল, ৱণ্ডাৰ কেমেৰা, ফটো ৱণ্ডাৰ, কিউকিউ প্লেয়াৰ, উই মিট, ছুইট ছেলফি, বাইডু ট্রেন্সশ্লেট, ভি মেট, কিউকিউ ইণ্টাৰনেচনেল, কিউকিউ ছিকিউৰিটী চেণ্টাৰ, কিউকিউ লঞ্চাৰ, ইউ ভিডি’, ভি ফ্লাই ষ্টেটাছ ভিডি’, ম’বাইল লিগেল আৰু ডি ইউ প্রাইভেচী৷