নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চাইবাৰ আক্রমণৰ লক্ষ্য ভাৰত

বিশ্বৰ দেশসমূহৰ ভিতৰত চাইবাৰ আক্রমণৰ প্রধান লক্ষ্য হৈছে ভাৰত৷ অর্থাৎ ভাৰত চাইবাৰ আক্রমণৰ সর্বাধিক লক্ষ্য হৈ পৰিছে৷ চাইফার্মা নামৰ চাইবাৰ ভাবুকিৰ ব্যৱস্থাপনা মঞ্চই প্রকাশ কৰা প্রতিবেদনত ২০২৩ বর্ষত ভাৰত চাইবাৰ আক্রমণৰ ভাবুকিৰ সন্মুখীন হোৱাৰ লগতে সর্বাধিক আক্রান্ত হৈছে৷ এই চাইফার্মাৰ প্রতিবেদন মতে, ভাৰত চাইবাৰ আক্রমণৰ লক্ষ্য ১৩.৭ শতাংশ হৈ তালিকাৰ শীর্ষস্থানত থকাৰ বিপৰীতে ৯.৬ শতাংশৰে আমেৰিকা যুক্তৰাষ্ট্র দ্বিতীয় স্থানত আছে৷ ইণ্ডোনেছিয়া আৰু চীন ক্রমে ৯.৩ শতাংশ আৰু ৪.৫ শতাংশৰে তৃতীয় আৰু চতুর্থ স্থানত আছে৷ বিগত বছৰ বছৰ ধৰি বিশ্বৰ দেশসমূহৰ চৰকাৰী সংস্থাসমূহত চাইবাৰ আক্রমণৰ ঘটনা বৃদ্ধি পাই আহিছে৷ ২০২২ বর্ষৰ প্রথম ৬ মাহলৈকে চৰকাৰী সংস্থাসমূহত ৯৫ শতাংশ চাইবাৰ আক্রমণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২১ চনত এই চাইবাৰ আক্রমণৰ ঘটনা কম আছিল৷ তুলনামূলক দৃষ্টিৰে চালে ২০২১ বর্ষৰ তুলনাত ২০২২ বর্ষত চৰকাৰী সংস্থাসমূহত চাইবাৰ আক্রমণৰ ঘটনা ১০০ শতাংশতকৈ অধিক বর্ধিত হৈছে৷ এই চাইবাৰ আক্রমণত সর্বাধিক লক্ষ্য হৈ পৰিছে ভাৰত৷ ২০২২ বর্ষত ভাৰতৰ চৰকাৰী সংস্থা প্রতিষ্ঠানকে ধৰি বাণিজ্যিক ক্ষেত্রখনতো চাইবাৰ আক্রমণৰ ঘটনা দুগুণ বৃদ্ধি পাইছে৷ চাইবাৰ আক্রমণৰ সর্বাধিক লক্ষ্য হৈ পৰিছে স্বাস্থ্য সেৱা৷ হেকাৰসকলে স্বাস্থ্য সেৱাত চাইবাৰ আক্রমণ সংঘটিত সর্বাধিক কৰাৰ বিপৰীতে শিক্ষা, গৱেষণা, চৰকাৰী প্রতিষ্ঠান আৰু সামৰিক ক্ষেত্রখনত আক্রমণ চলাই আছে৷ প্রতিবেদনত প্রকাশ পোৱা মতে, ২০২২ চনত সপ্তাহত গড়ে চৰকাৰী সংস্থাসমূহত ১৮৬৬বাৰ চাইবাৰ আক্রমণ সংঘটিত হৈছে৷ ভাৰতত এই চাইবাৰ আক্রমণবোৰ হৈছে মলৱেৰ ফিছিং আৰু ৰেনছমৱেৰ৷ ২০২১ চনত ৭৮ শতাংশ ভাৰতীয় প্রতিষ্ঠানত ৰেনছমৱেৰ আক্রমণ হৈছিল৷ এই আক্রমণৰ ৮০ শতাংশতেই তথ্য বিনষ্টকে ধৰি চুৰি হৈছিল৷ চাইফার্মাৰ চি ই অ’ তথা প্রতিষ্ঠাতা কুমাৰ ৰীতেশে প্রকাশ কৰা মতে, চাইবাৰ আক্রমণকাৰীৰ বাবে ভাৰত লক্ষ্য হৈ পৰাটো আশ্চর্যজনক৷ বিশ্ব পর্যায়ত ভাৰতৰ স্থিতি শক্তিশালী হৈ থকাৰ পৰিপ্রেক্ষিততেই চাইবাৰ আক্রমণ সংঘটিত হৈ আহিছে৷

বিশ্বজুৰি চাইবাৰ আক্রমণেৰে কোনো দেশৰ গোপন তথ্য সংগ্রহ কৰাৰ লগতে বাণিজ্য ক্ষেত্রখনৰ প্রধান বিষয়সমূহ চুৰি কৰাৰ পৰিকল্পনা কৰা হয়৷ বিশ্বজুৰি সংঘটিত হৈ থকা চাইবাৰ আক্রমণৰ আঁৰত চীনৰ অধিকাংশ গোট আছে৷ এই গোটসমূহে চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবে বিশ্বৰ আন দেশসমূহৰ চৰকাৰী সংস্থা প্রতিষ্ঠানকে ধৰি প্রখ্যাত ব্যৱসায়িক প্রতিষ্ঠানত চাইবাৰ আক্রমণ সংঘটিত কৰে৷ এই আক্রমণৰ জৰিয়তে চৰকাৰী গোপন তথ্য চুৰি কৰি নিয়াৰ লগতে বিভিন্ন গুৰুত্বপূর্ণ তথ্য বিনষ্ট কৰা হয়৷ প্রধানতঃ এটা কম্পিউটাৰৰ জৰিয়তে বিশ্বৰ দেশসমূহৰ কম্পিউটাৰাইজ ব্যৱস্থাটোক আক্রমণ চলাই সেই কম্পিউটাৰ ব্যৱস্থাত ব্যাঘাত জন্মাই তথ্য হৰলুকী কৰা ঘটনা ইতিমধ্যে চর্চিত হৈ আহিছে৷ চীনৰ উপৰি উত্তৰ কোৰিয়া, ৰাছিয়া আদিৰ পৰাও হেকাৰ গোটে চাইবাৰ আক্রমণ সংঘটিত কৰি আহিছে৷ বিশ্বজুৰি প্রায় ৩৯ এনে চাইবাৰ আক্রমণকাৰী গোট আছে৷ ভাৰতত এনে গোটসমূহে বিগত ২০২১ চনৰ পৰা চৰকাৰী সংস্থা–প্রতিষ্ঠানত চাইবাৰ আক্রমণ সংঘটিত কৰি আহিছে৷ ২০২৩ বর্ষৰ জুলাই মাহলৈকে ৩৯ চাইবাৰ আক্রমণকাৰী গোটে ভাৰতক লক্ষ্য কৰি লৈছে৷ চাইবাৰ আক্রমণ প্রতিহত কৰাৰ বাবে বিশ্বৰ দেশসমূহে ব্যৱস্থা গ্রহণ কৰিছে যদিও ই কিমান ফলপ্রসূ হৈ থাকিব, সেয়া চিন্তনীয়৷ কিয়নো, চাইবাৰ আক্রমণকাৰী গোটসমূহ অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে প্রতিদিনে শক্তিশালী হৈ উঠিছে৷

You might also like