নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাত ১২৭, বিজ্ঞানত ২৩২, বাণিজ্যত ১৩৭ স্থান জাগীৰোড কলেজৰ

দেশৰ দুই হাজাৰ মহাবিদ্যালয়ক সামৰি ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষা

নিয়মীয়া বাৰ্তা ২৮ জুনঃ মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ে পুনৰ দেশৰ শীর্ষস্থানীয় মহাবিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দেশৰ শ্রেষ্ঠ শিক্ষনুষ্ঠান নির্বাচনৰ উদ্দেশ্যে ‘ইণ্ডিয়া টুডে’ই প্রতিবছৰে সমীক্ষা কৰি আহিছে৷ সেই অনুসৰি ২০২১ বর্ষৰ ফলাফল ২৬ জুনত ঘোষণা কৰিছে৷ এই ফলাফল অনুসৰি জাগীৰোড মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাই পুনৰ সন্মানজনক স্থান লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে জাগীৰোড মহাবিদ্যালয় অসমৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান যিখনে তিনিওটা শাখাতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এইবর্ষৰ ঘোষিত ফলাফল অনুসৰি মহাবিদ্যালয়খনৰ কলা শাখাই ১২৭, বিজ্ঞান শাখাই ২৩২ আৰু বাণিজ্য শাখাই ১৩৭ সংখ্যক স্থান অধিকাৰ কৰিছে৷ স্মর্তব্য যে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাই বিগত তিনিটা বর্ষতে ধাৰাবাহিকভাৱে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে ইয়াৰ গৌৰৱ অটুট ৰাখিবলৈ সক্ষম হৈছে৷ এইবাৰ ইয়াৰ বাণিজ্য শাখাই ৰাজ্যৰ প্রথম আৰু বিজ্ঞান শাখাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্র নেওগৰ লগতে মহাবিদ্যালয়ৰ পৰিয়াল উৎফুল্ল হৈছে৷

You might also like