অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণ : বৰ্ষাপাৰাত তৃতীয় টি-২০
বিশেষ বাৰ্তা, ২৫ জুলাইঃ গুৱাহাটীত পুনৰ ক্ৰিকেট উন্মাদনা। বর্ষাপাৰা ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হ’ব আন্তর্জাতিক মেচ৷ ভাৰতৰ প্রতিপক্ষ হ’ব শক্তিশালী অষ্ট্রেলিয়া৷ অহা ছেপ্টেম্বৰ আৰু নৱেম্বৰত ভাৰত ভ্রমণলৈ আহিবলগীয়া অষ্ট্রেলিয়াই ২৮ নৱেম্বৰত গুৱাহাটীত এখন টি–২০ মেচত অৱতীর্ণ হ’ব৷ এই ভ্রমণত অষ্ট্রেলিয়াই ৫খন টি–২০ মেচত অংশগ্রহণ কৰিব৷ ইয়াৰে তৃতীয়খন মেচ অনুষ্ঠিত হ’ব৷ সন্ধিয়া ৭ বজাত নৈশালোকত দল দুটাই প্রতিদ্বন্দ্বিতাত নামিব৷ উল্লেখ্য যে যোৱা বছৰৰ ২ অক্টোবৰত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত গুৱাহাটীত অন্তিমখন টি–২০ মেচ অনুষ্ঠিত হৈছিল৷ চলিত বর্ষত পুনৰ এখন টি–২০ আন্তর্জাতিক মেচ উপভোগ কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনাই স্বাভাৱিকতে অসম তথা উত্তৰ পূর্বাঞ্চলৰ ক্রিকেট অনুৰাগীক উৎফুল্লিত কৰি তুলিছে৷ উল্লেখ্য যে ২০১৭ চনত এচিএৰ ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত প্রথমখন টি–২০ আন্তর্জাতিক মেচ অনুষ্ঠিত হৈছিল৷ সেই মেচখনত অষ্ট্রেলিয়াই ৮ উইকেটত জয়লাভ কৰিছিল৷ এইবাৰ গুৱাহাটীত ভাৰতে অষ্ট্রেলিয়া দলৰ বিৰুদ্ধে মধুৰ প্রতিশোধ লোৱাৰ সুযোগ পাব৷