যোগীঘোপাৰ বালাপাৰাত ইণ্ডিয়ান অইলৰ ডিপোত ভেজাল ডিজেলক লৈ উত্তেজনাঃ লিটাৰে লিটাৰে ওলাইছে ময়লাযুক্ত লেতেৰা ডিজেল
নিয়মীয়া বাৰ্তা, ২৬ মেঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালপাৰাস্থিত ইণ্ডিয়ান অইলৰ এটি পেট্ৰল ডিপোত আজি পুৱাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডিপোটোত লিটাৰে লিটাৰে ময়লাযুক্ত ডিজেল ওলোৱাক উত্থাপন কৰি গ্ৰাহকে এনে পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে, বালাপাৰাস্থিত ৰুবী কিষান সেৱা কেন্দ্ৰ নামৰ তেল ডিপোত আজি পুৱা এজন গ্ৰাহকে ড্ৰামত ডিজেল ভৰাওতে প্ৰত্যক্ষ কৰে ডিজেলৰ এই ভেজাল । লগে লগে গ্ৰাহকজনে ডিপোৰ কৰ্মচাৰীক এই বিষয়ে প্ৰশ্ন কৰাত ডিপোটোৰ কৰ্মচাৰীয়ে তেলৰ পাইপ বেয়া হোৱা বাবেই লেতেৰা তেল ওলোৱা বুলি গ্ৰাহকজনক জনায় । ইয়াকে লৈ গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । লগে লগে তাত থকা একাংশ গ্ৰাহক আৰু স্থানীয় লোক উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । পিচত ডিপোটোৰ কৰ্মচাৰীয়ে বাধ্য হৈ ভেজাল ডিজেলখিনি সলনি কৰি দিয়ে । উল্লেখ্য যে ডিপোটোত গ্ৰাহকক তেল কমকৈ দিয়াৰো দীৰ্ঘদিনীয়া অভিযোগ আছে। ডিপোটোত তেল ভৰোৱাৰ পাছতে ইঞ্জিন বিকল হৈ পৰা বুলিও একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে। পূৰ্বৰ পৰাই এই ডিপোটোত গ্ৰাহকক এনেদৰে প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । অধিক মুনাফা লাভৰ আশাত ডিপোটোত এনেদৰে ভেজাল পেট্ৰল-ডিজেলৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। যিসময়ত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মুৰত ৰামটাঙোন শোধাইছে তেনেসময়তে ডিপোটোৰ এনে কৰ্মকাণ্ডই ৰাইজক অতিষ্ঠ কৰি তুলিছে। এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
প্ৰেৰক টিংকু চন্দ্ৰ দাস