নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব কয়লা ক্ষেত্র খোলাৰ আহ্বান ভাৰতীয় মজদুৰ সংঘৰ প্রতিনিধি দলৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ উত্তৰ-পূব কয়লা ক্ষেত্রৰ উৎপাদন যোৱা বছৰ তিনি জুনৰ পৰা বন্ধ হৈ আছে | তদুপৰি উদ্যোগটোৰ শ্রমিক-কৰ্মচাৰী আৰু বিষয়াসকলক দেশৰ অন্যপ্ৰান্তৰ ক’ল ইণ্ডিয়াৰ ক্ষেত্ৰসমূহলৈ বদলি কৰি অহাৰ পৰিপ্রেক্ষিতত কয়লা উদ্যোগটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে ।

উত্তৰ-পূব কয়লা ক্ষেত্রৰ শেহতীয়া পৰিস্থিতিৰ ক্ষেত্র ভিত্তিক অধ্যয়ন কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে ক’ল প্ৰভাৰী লক্ষণ ৰেড্ডী, অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ সভাপতি নৰেন্দ্ৰ কুমাৰ সিং আৰু অখিল ভাৰতীয় খাদান মজদুৰ সংঘ সম্পাদক ৰাজীৱ ৰঞ্জন সিং মাৰ্ঘেৰিটা মহকুমালৈ আহি টিপং, টিৰাপ আৰু টিকক কয়লা ক্ষেত্র পৰিদৰ্শন কৰে |

প্রতিনিধি দলটোৱে উত্তৰ-পূব কয়লা ক্ষেত্রৰ মহাপ্রবন্ধক সৌন্দৰ্য প্রসাদ দত্ত, বিয়ষাসকল আৰু শ্রমিক সংগঠনৰ নেতাসকলৰ লগতো পৃথকে আলোচনাত মিলিত হয় । আজি সন্ধ্যা দিহিং গেষ্ট হাউচত এক সংবাদ মেলত প্রতিনিধি দলটোৱে কয় যে উত্তৰ-পূব কয়লা ক্ষেত্রৰ কয়লা অতি উচ্চ মানৰ আৰু এই কয়লাৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ আৰু কাষৰীয় ৰাজ্যৰ বহু উদ্যোগ চলি আছে, তেনে ক্ষেত্রত ইয়াৰ উৎপাদন বন্ধ কৰি দিয়াত সেই উদ্যোগবোৰলৈও বিপদ মাতি আনিব ।

এতিয়াও বহু বছৰৰ বাবে এই অঞ্চলৰ ভূগৰ্ভত কয়লা মজুত আছে । ইয়াক বন্ধ কৰি ৰাখিলে ৰাষ্ট্রীয় সম্পদৰ অপচয় হে হ’ব বুলি মন্তব্য কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

সংবাদ মেলত অহা পাঁচ ফেব্রুৱাৰীত উত্তৰ-পূব কয়লা ক্ষেত্রৰ উৎপাদন পুনৰ আৰম্ভ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত দেশজুৰি ধৰ্ণা কাৰ্যসূচীকে ধৰি এলানি আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰাৰ কথা অৱগত কৰাৰ লগতে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ যে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো অসমৰ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ নকৰাটো চূড়ান্তভাৱে দুৰ্ভাগ্যজনক বুলি সংবাদমেলত নেতাসকলে ক্ষোভ প্ৰকাশ কৰে।

You might also like