নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সজাগ–সতর্ক হওকঃ ৰাজ্যত ২৪ ঘণ্টাত আক্রান্ত ১,৩৬৭, মৃত্যু ৬

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ  সমগ্র দেশৰ লগতে অসমতো ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ সোমবাৰৰ দিনটোতে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৭গৰাকী লোক মৃত্যুমুখত পৰিছে৷ ৰাজ্যিক স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি কামৰূপ মেট্র’ৰ ৪গৰাকী আৰু বাক্সা, কাছাৰ আৰু কামৰূপ জিলাৰ এগৰাকীকৈ লোকৰ সোমবাৰে মৃত্যু হয়৷

আনহাতে সোমবাৰৰ দিনটোতে ৰাজ্যখনত ১,৩৬৭গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ সোমবাৰৰ দিনটোত মুঠ ৬৫,৪১০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ২.০৯ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত ৪৮২গৰাকী কামৰূপ মেট্র’ জিলাৰ৷ সেইদৰে ডিব্রুগড়ত ১০৯, কামৰূপত ১০৬ আৰু শোণিতপুৰত ৬৭গৰাকী লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷

আনহাতে সোমবাৰৰ দিনটোত সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৩১২গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৬,৩১৬গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ইপিনে কুম্ভমেলাৰ পৰা অহা অসমৰ ১৩গৰাকীকৈ লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ মৰিয়নিত সেই লোকসকলৰ দেহত ক’ভিড ধৰা পৰে৷ জানিব পৰা মতে, সেইসকল লোক নগাঁও জিলাৰ৷

আনহাতে সোমবাৰৰ দিনটোত চৰাইদেউত ৭গৰাকী, মেৰাপানীত ৪গৰাকী, শিৱসাগৰত ২৯গৰাকী, ডিমৌত ১৮গৰাকী, গোলাঘাটত ৩২গৰাকী, মৰিয়নিত ২৯গৰাকী, ডুমডুমাত ৮গৰাকী, খোৱাঙত ৩গৰাকী, যোৰহাটত ৬৮গৰাকী লোক ক’ভিড আক্রান্ত হয়৷ ইফালে, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰ টুইটাৰযোগে প্রকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যখনত ১৬,৬৬,৫৫০গৰাকী লোকে ক’ভিডৰ ভেকচিন লৈছে৷ ১৩,৪৫,০৬৭গৰাকীয়ে প্রথম ড’জ আৰু ৩,২১,৪৮৩গৰাকীয়ে দ্বিতীয় ড’জ গ্রহণ কৰিছে৷ সোমবাৰৰ দিনটোত ৬৭,১৩৯গৰাকী লোকে ভেকচিন গ্রহণ কৰে৷ বর্তমান ৰাজ্যখনত ৫,১৯,৫১০টা ভেকচিন মজুত আছে৷

You might also like