বিধানসভাত দাখিল কৰা লেখানুদান মতে কেইখনমান আঁচনিৰ দ্বাৰা লাভান্বিত আৰু ব্যয়ৰ তথ্য
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনত আজি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে লেখানুদান। এই লেখাদানত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰা হয়। নাৰী সবলীকৰণ আঁচনিৰ লগতে সামাজিক নিৰাপত্তাক লৈ লোৱা আঁচনিৰ জৰিয়তে বৰ্তমানলৈ লাভান্বিত হোৱা আৰু ব্যয় হোৱা তথ্য এনেধৰণৰ-
- অৰুণোদয় আঁচনিৰ পৰা লাভান্বিত হৈছে, ১৭,২৫,৫৯০ গৰাকীৰো অধিক মহিলা।
- অৰুন্ধতী স্বৰ্ণ আঁচনিৰ পৰা লাভান্বিত হৈছে ১৮১৫গৰাকী কন্যা। এই আঁচনিৰ বাবে ব্যয় হৈছে ৭ কোটি ২৬ লাখ টকা।
- কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত ১,৯৯,৭০৫টা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সনৰ অধীনত ১,৬৯,৯৩০গৰাকী মহিলাক ২৫০ টকাকৈ পেন্সন দিয়া হৈছে ২০২০-২১ বৰ্ষৰ ভিতৰত। মহিলাসকলে ৬০ বছৰ বয়সলৈ এই সুবিধা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে।
- দীনদয়াল দিব্যাংগজন পেন্সন আঁচনিৰ জৰিয়তে ১,৬০,৬১২ গৰাকী হিতাধিকাৰীক ১০০০ টকাকৈ মাহিলি ভাট্টা প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত মুঠ ৯৬.৩৬ কোটি টকা খৰচ হৈছে এতিয়ালৈ।
- জ্যেষ্ঠ নাগৰিকৰ বাবে ২৫০ টকাকৈ দিয়া মাহিলি বৃদ্ধ পেন্সন ২০২০-২১ চনৰ ভিতৰত মুঠ ১২,৫৬,৬৯৮গৰাকী নাগৰিকে লাভ কৰিছে। ইয়াৰ বাবে ৰাজকোষৰ পৰা ওলাইছে ৭৭৪.৪৮ কোটি টকা।
ইয়াৰ লগতে চাহ বাগিচাৰ শ্ৰমিক কল্যাণৰ বাবে লোৱা ভিন্ন আঁচনিৰ তথ্য এনেধৰণৰ-
- ছাইমন সিং হোৰো জলপান আঁচনিৰ অধীনত ২০১৯ চনৰ পৰা এতিয়ালৈ ২০৫১গৰাকী চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক ১০ হাজাৰকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে।
- শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ অধীনত ২৫,০০০ টকাকৈ এককালীন মঞ্জুৰি প্ৰদান কৰিছে ২০১৯-২০ৰ ভিতৰত ১১,০৯০ গৰাকী হিতাধিকাৰীক। এইক্ষেত্ৰত ব্যয় হৈছে ২৭৭.২৫ লাখ।
- চাহ বাগিচাৰ গৰ্ভৱতী-অস্থায়ী মহিলা শ্ৰমিকৰ বাবে প্ৰসৱকালীন সাহায্য আঁচনি অনুযায়ী ১২,০০০ টকাকৈ এককালীন সাহায্য দ্বাৰা ৪৭,৫২০গৰাকী গৰ্ভৱতী মহিলা উপকৃত হৈছে। ব্যয় হৈছে ৩২.৭৪ কোটি টকা।
- অসম চাহ বাগিচা ধন পুৰস্কাৰ যোজনাৰ অধীনত ৭.৫ লাখ বেংক একাউণ্টত দুটা পৰ্যায়ত ৩৮২.৪১ কোটি টকা আৰু তৃতীয় পৰ্যায়ত ২৩১.১৪ কোটি মোকলাই দিয়া হৈছে।