নগাঁও জিলাৰ ২১১খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদানঃ অসম সৰ্বশিক্ষা অভিযান মিছন নগাঁৱৰ উদ্যোগ
বিশেষ বাৰ্তা, ৪মে’: বিদ্যালয়ৰ সুপৰিচালনাৰ বাবে নগাঁও জিলাৰ ২১১খন বিদ্যালয়ৰ পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰা হ’ব।অসম সৰ্বশিক্ষা অভিযান মিছন নগাঁৱৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বিদ্যালয় সমূহৰ পৰিচালনা সমিতি সমূহক বঁটা প্ৰদান কৰা হ’য়।বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ ২৯খন বিদ্যালয় পৰিচালনা সমিতিক,জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ ২৭খন বিদ্যালয় পৰিচালনা সমিতিক,কলিয়াবৰৰ ১৮খন পৰিচালনা সমিতি,কপিলীৰ ২৭খন পৰিচালনা সমিতি,কঠিয়াতলীৰ ২৯খন পৰিচালনা সমিতি,লাওখোৱাৰ ২৫খন পৰিচালনা সমিতি,ৰূপহীৰ ২৬খন পৰিচালনা সমিতি,খাগৰিজানৰ ২৩খন পৰিচালনা সমিতি আৰু নগাঁও আৰৱান প্ৰাথমিক শিক্ষা খণ্ডৰ সাত খন বিদ্যালয় পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হ’য়।এই উপলক্ষে আয়োজন কৰা সভাত । নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে ডিমৰীয়া কলেজৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই।অনুস্থানত জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়াৰ লগতে জিলা শিক্ষা বিভাগৰ বিষয়া সকলে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা